চিটাৰা ডেস্ক, 23 অক্টোবৰ: দেওবাৰে আছিল ‘বিগ বছ ছিজন ১৭’ৰ প্ৰথমটো উইকেণ্ড কা ৱাৰৰ দ্বিতীয় দিন ৷ শনিবাৰৰ দৰেই দেওবাৰটোও আছিল মনোৰঞ্জনেৰে ভৰা এক বিশেষ খণ্ড । অৱশ্যে প্ৰথম আৰু দ্বিতীয়টো উইকেণ্ড কা ৱাৰত বিগ বছ হাউচৰ পৰা কোনো প্ৰতিযোগীকে এলিমিনেট কৰা হোৱা নাই ৷ ইফালে কংগনা ৰানাৱটকে ধৰি বহু চলচ্চিত্ৰ আৰু টিভিৰ চেলিব্ৰিটিয়ে প্ৰতিযোগী সাক্ষাৎ কৰিবলগীয়া বিগ বছ হাউচৰ ভিতৰত প্ৰৱেশ কৰিছিল ৷
বিগ বছৰ ঘৰত কংগনা ৰানাৱট
দেওবাৰে ছলমান খানৰ মঞ্চত উপস্থিত হৈছিল বলীউডৰ কুইন কংগনা ৰানাৱট । এই মঞ্চতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘তেজস’ৰ প্ৰচাৰ চলায় । কেৱল এয়াই নহয়, কংগনাই ছলমান খানৰ গীততো নৃত্য কৰিছিল । ইয়াৰ উপৰিও তেওঁ ঘৰৰ সদস্যসকলক টাস্ক দিছিল আৰু অংকিতা লোখাণ্ডেৰ সৈতেও ধেমালি কৰে অভিনেত্ৰীগৰাকীয়ে ৷
প্ৰথমবাৰৰ উইকেণ্ড কা ৱাৰত কোনো প্ৰতিযোগীকে ঘৰৰ পৰা বাহিৰ কৰা হোৱা নাই
ছলমান খান অহাৰ লগে লগে বিগ বছৰ প্ৰতিযোগীসকলৰ মাজক বৃদ্ধি পায় চিন্তা ৷ কাৰণ ছলমান খানে কৈছিল যে এই সপ্তাহত অভিষেক, নাভিদ আৰু মান্নাৰাৰ ভিতৰত এগৰাকী প্ৰতিযোগী ঘৰৰ পৰা বাহিৰ হ’ব লাগিব ৷ ছলমান খানে ধেমালিতে মান্নাৰাক কয় যে তেওঁ ঘৰৰ পৰা ওলাই যাব লাগিব কাৰণ তেওঁ জনতাৰ পৰা আটাইতকৈ কম ভোট লাভ কৰিছে ।
এই কথা শুনি আৱেগিক হৈ পৰে মান্নাৰা, কিন্তু মান্নাৰাই একো কোৱাৰ আগতেই ছলমান খানে ক’লে যে, কান্দিব নালাগে মান্নাৰা, মই ধেমালি হে কৰি আছিলো । আপুনি ক’লৈকো যাব নালাগে । মান্নাৰাৰ পিচত ছলমানে নাভিদ আৰু অভিষেকৰ সৈতেও একেই ধেমালি কৰে । অৱশ্যে কিছু মুহূৰ্তৰ পিচতে ছলমান খানে কয় যে প্ৰথম সপ্তাহটো সকলোৰে বাবে নিৰাপদ আৰু কোনেও ঘৰৰ পৰা বাহিৰ হ’ব নালাগে । ভাইজানে কয়, নৱৰাত্ৰি উপলক্ষে ঘৰৰ পৰা কাকো বাহিৰ কৰা নহয় ।
খানজাদীৰ ওপৰত ছলমানৰ খং
উইকেণ্ড কা ৱাৰত খানজাদীৰ ওপৰত খং কৰে ছলমান খানে । দৰাচলতে এটা টাস্কৰ সময়ত মুনাৱাৰে খানজাদীক লৈ কিছু কথা কৈ আছিল । এই পৰিস্থিতিত খানজাদীয়ে মনে মনে থকাৰ পৰিৱৰ্তে বাৰে বাৰে কথা পাতি আছিল । যাৰ বাবে ছলমান খানৰ খং উঠে আৰু তেওঁ খানজাদীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে । ছলমানে খানে খানজাদীক ক’লে খানজাদী আপুনি বুজি নাপায় নেকি ৷ কাৰণ ছলমানে ইয়াৰ পূৰ্বে চাৰিবাৰ খানজাদীক মনে মনে থাকিবলৈ কৈছিল ৷
লগতে পঢ়ক:Bigg Boss 17: আপোনাৰ দৰে মই ছিৰিয়েল নকৰো-অংকিতাক লৈ খানজাদীৰ মন্তব্য