অসম

assam

ETV Bharat / entertainment

মুনাৱাৰক মিছা আখ্যা প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশীৰ - Munawar Faruqui

Bigg Boss 17: প্ৰেম জীৱনক লৈ চৰ্চাত বিগ বছ ১৭ ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকী ৷ দেওবাৰে লাইভত আহি মুনাৱাৰৰ প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে । নাজিলাই কয় যে তেওঁক মুনাৱাৰ ফাৰুকী আৰু আয়েশা খান দুয়োগৰাকীয়ে প্ৰতাৰণা কৰিছে ।

Bigg Boss 17 updates: Nazila Sitaishi refutes allegations made by Munawar and Ayesha
মুনাৱাৰক মিছা আখ্যা প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশিৰ

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 3:35 PM IST

চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: এইবাৰৰ বিগ বছ অলপ ব্যতিক্ৰম ৷ কাৰণ বিগ বছ ১৭ ৰ সকলো প্ৰতিযোগী এইবাৰ নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনামত আছে । এফালে অংকিতা-বিকিৰ বিবাহিত জীৱনত কেৱল মনোমালিন্য দেখা পোৱা গৈছে । আনফালে প্ৰেম জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে মুনাৱাৰ ফাৰুকীয়ে ।

শেহতীয়াকৈ শ্ব’টোত আয়েশা খানে মুনাৱাৰ ফাৰুকীৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত বহু গোপন কথা প্ৰকাশ কৰিছিল । মুনাৱাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । আয়েশাই এনে বহু কথা প্ৰকাশ কৰিছিল যিবোৰ মুনাৱাৰৰ প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশীয়ে আয়েশাক কৈছিল । ইয়াৰ পিচত মুনাৱাৰে নিজৰ স্থিতি স্পষ্ট কৰি নাজিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । এতিয়া এই সকলোবোৰক লৈ নাজিলাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

দেওবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে নাজিলাই ৷ ভিডিঅ’টোত নাজিলাই কয়, ‘‘বহুত মানুহে মোৰ বিষয়ে বহু কিবা কিবি কৈ আছে, যিটো ঠিক নহয় । কিন্তু মই এইবোৰ বিষয়ত কথা পাতিব নিবিচাৰো ৷ কিন্তু কিছুমান মানুহে মোৰ পক্ষৰ কথাও নিজেই কৈছে । মোৰ বিষয়ে যদি কিবা আছে, মই নিজেই ক’ম । আন কোনেও ক’ব নালাগে ৷’’

নাজিলাই লগতে ক’লে, ‘‘যি চলি আছে তাত মই একমত নহয় । কিন্তু সকলো কথা মোৰ হাতৰ পৰা ওলাই গৈছে । হয়, মই মোৰ জীৱনৰ ব্যক্তিগত সবিশেষ কাৰোবাৰ লগত শ্বেয়াৰ কৰিছিলোঁ । কিন্তু যেতিয়া মই সেয়া শ্বেয়াৰ কৰিছিলোঁ, তেতিয়া মই বৰ আৱেগিক হৈ পৰিছিলোঁ । মই নাজানিছিলো যে এইবোৰ এদিন টিভিত আহিব । মোৰ যদি এইবোৰেই কৰাৰ উদ্দেশ্য থাকিলহেঁতেন তেন্তে মই নিজেই কৰিলোহেঁতেন । কিন্তু মই তেনেকুৱা কৰা নাছিলো । মই নথকা বিষয়বোৰত মোৰ নাম মাজলৈ টানি অনা হৈছে, এইটো অন্যায় হৈছে । মোৰ বিৰুদ্ধে কোৱা কথাবোৰ ঠিক হোৱা নাই ।’’

নাজিলাই আৰু ক’লে, ‘‘মই নাজানো তেওঁ কেনেকৈ ক’ব পাৰে যে তেওঁ মোৰ পৰা ভয়ত আছে, আনকি মই তেওঁতকৈ ১০ বছৰ সৰু । তেওঁ নিজৰ কাহিনী সলনি কৰি আছে । নিজকে ৰক্ষা কৰিবলৈ মোক বেয়া দেখুৱাবলৈ চেষ্টা কৰিছে । তেওঁৰ ভয় আছিল যে মই কথাবোৰ ৰাজহুৱা কৰিম, কিন্তু তেওঁ নিজেই এসপ্তাহ আগতে কৈছিল যে তেওঁ জানে যে মই তেনেকুৱা একো নকৰো । বাৰু, মোৰো তেওঁৰ বিৰুদ্ধে বহু কথা আছে । কিন্তু মই সেইবোৰ ব্যৱহাৰ নকৰো, বিশেষকৈ যেতিয়া তেওঁ বাহিৰত নাই । কিন্তু তেওঁ কৰিছে আৰু সেইবোৰ কথা সঁচাও নহয় । যদি মই নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰো তেন্তে আৰু ১০টা কথা ওলাই আহিব যিবোৰ তেওঁ ৰক্ষা কৰিবও নোৱাৰিব । নিজৰ লাভৰ বাবে কাৰো ক্ষতি কৰিব নিবিচাৰো । কিন্তু মোক দুয়োফালৰ পৰা প্ৰতাৰণা কৰা হৈছে ।’’

লগতে পঢ়ক:মুনাৱাৰৰ বিৰুদ্ধে আয়েশাৰ অভিযোগ, মুনাৱাৰৰ সমৰ্থনত আগবাঢ়ি আহিছে বহু চেলিব্ৰিটি

ABOUT THE AUTHOR

...view details