অসম

assam

ETV Bharat / entertainment

Bigg Boss 17: পাঁচ বছৰীয়া পুত্ৰক মনত পেলাই চকুলো টুকিলে মুনাৱাৰে, প্ৰাক্তন পত্নীৰ বিষয়ে ক’লে এই কথা - ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকী

বিগ বছ ১৭ ত আধিপত্য বিস্তাৰ কৰিছে মুনাৱাৰ ফাৰুকীয়ে । শ্ব’টোৰ শেহতীয়া খণ্ডটোত ষ্টেণ্ড আপ কমেডিয়ানগৰাকীয়েও নিজৰ পাঁচ বছৰীয়া পুত্ৰক মনত পেলাই আবেগিক হৈ পৰা দেখা গ’ল । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Bigg Boss 17 updates: Munawar Faruqui cries inconsolably as he misses his son
বিগ বছ ১৭ ত আধিপত্য বিস্তাৰ কৰিছে মুনাৱাৰ ফাৰুকীয়ে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:42 AM IST

চিটাৰা ডেস্ক, 24 অক্টোবৰ: ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকী বৰ্তমান ছলমান খানৰ আটাইতকৈ বিতৰ্কিত শ্ব’ বিগ বছ ১৭ ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ ইয়াৰ পূৰ্বে মুনাৱাৰে কংগনা ৰানাৱটৰ শ্ব’ লক আপত অংশগ্ৰহণ কৰিছিল আৰু শ্ব’টোৰ বিজয়ীও হৈছিল । যদিও লক আপৰ সময়ত মুনাৱাৰে নিজৰ ব্যক্তিগত জীৱনৰ ওপৰত মৌনতা অৱলম্বন কৰিছিল, কিন্তু বিগ বছ ১৭ ৰ শেহতীয়া খণ্ডটোত ষ্টেণ্ড আপ কমেডিয়ানগৰাকীয়ে তেওঁৰ প্ৰাক্তন পত্নী আৰু ৫ বছৰীয়া পুত্ৰৰ কথা কোৱা দেখা গ’ল৷ পুত্ৰক মনত পেলাই যথেষ্ট আবেগিক হৈ পৰে মুনাৱাৰ ।

দৰাচলতে শ্ব’টোৰ শেহতীয়া খণ্ডটোত দেখা গ’ল যে সহ-প্ৰতিযোগী নীল ভাটৰ সৈতে কথা পাতি থাকোঁতে মুনাৱাৰ ফাৰুকীৰ চকুলো বৈ আহে । শ্ব’টোৰ সময়ত মুনাৱাৰে প্ৰকাশ কৰে যে শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন পত্নী দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছে আৰু অৱশেষত তেওঁ পুত্ৰৰ তত্ত্বাৱধান লাভ কৰিছে ।

মুনাৱাৰে নীল ভাটক কয়, “মোৰ প্ৰাক্তন পত্নী এতিয়া বিবাহপাশত আৱদ্ধ হৈছে আৰু মই মোৰ পুত্ৰৰ তত্ত্বাৱধান লাভ কৰিছো । মোৰ পুত্ৰৰ বয়স ৫ বছৰ । ছমাহ আগত যেতিয়া মই মোৰ পুত্ৰৰ জিম্মা লাভ কৰিছিলো তেতিয়া সি মোৰ ওচৰলৈ উভতি আহিছিল, তেতিয়াই মই বুজি পাইছিলো যে মই কি হেৰুৱাইছিলো । অৱশেষত এতিয়া সি মোৰ লগত আছে । যোৱা ৩ ৰ পৰা ৪ মাহত মই তাৰ লগত বহুত আকৃষ্ট হৈ পৰিছো । সেয়ে মই তাক মিছ কৰো । মই অনবৰতে ভাবি থাকোঁ যে এই সময়ত সি কি কৰি আছে । এতিয়া যেতিয়া মই ইয়াত আছো, এই সকলোবোৰে মোক সম্পূৰ্ণ বেলেগ স্তৰত প্ৰভাৱিত কৰে ।’’

মুনাৱাৰে ‘লক আপ ১’ত নিজৰ গোপন বিয়া আৰু পুত্ৰৰ কথা প্ৰকাশ কৰিছিল

উল্লেখ্য যে কংগনা ৰানাৱটৰ শ্ব’ ‘লক আপ ছিজন ১’ত মুনাৱাৰ ফাৰুকীয়ে প্ৰথমবাৰৰ বাবে নিজৰ গোপন বিবাহ আৰু পুত্ৰৰ কথা প্ৰকাশ কৰিছিল । তেওঁ প্ৰকাশ কৰে যে তেওঁ কম বয়সতে বিয়া হৈছিল আৰু বিচ্ছেদ হৈছিল ।

বিগ বছ ১৭ ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে মুনাৱাৰে

বিগ বছ ১৭ ৰ কথা ক’বলৈ গ’লে বৰ্তমান মুনাৱাৰে শ্ব’টোত আধিপত্য বিস্তাৰ কৰিছে আৰু লগতে নিজৰ কবিতা আৰু শৈলীৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছে । মান্নাৰা চোপ্ৰাৰ সৈতে মুনাৱাৰৰ বন্ধুত্বও এই শ্ব’টোত পছন্দ কৰা হৈছে ।

লগতে পঢ়ক:Bigg Boss 17: হঠাৎ কিয় খানজাদীৰ ওপৰত খং উঠিল ছলমানৰ, অভিষেক, নাভিদ, মান্নাৰাক দিলে ভাল খবৰ

ABOUT THE AUTHOR

...view details