চিটাৰা ডেস্ক, 20 অক্টোবৰ: আৰম্ভ হ’ল টিভিৰ আটাইতকৈ বিতৰ্কিত শ্ব’ Bigg Boss 17 । শ্ব’ আৰম্ভ হোৱাৰ আজি ৫ দিন পাৰ হৈ গ’ল । কিন্তু বিগ বছ হাউচৰ প্ৰথম দিনাৰ পৰাই ড্ৰামা, কাজিয়া, মনোমালিন্য আৰু মনোৰঞ্জন সকলো দেখা গৈছে ৷ দিনক দিনে বৃদ্ধি পাইছে প্ৰতিযোগীৰ মাজৰ কাজিয়া । এফালে বিগ বছৰ ঘৰত গঢ়ি উঠিছে নতুন সম্পৰ্ক, আনফালে কিছুমান সম্পৰ্ক ভাঙি যোৱাও দেখা গৈছে ৷ ইফালে পাঁচ দিনৰ দিনটোত টিভিৰ জনপ্ৰিয় বোৱাৰী অংকিতা লোখাণ্ডেৰ খঙৰ বিস্ফোৰণ ঘটিছে । যাৰ আভাস শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত দেখা গৈছে ।
খানজাদীক লৈ অংকিতা লোখাণ্ডেৰ ক্ষোভ
মাত্ৰ কিছু সময় পূৰ্বে বিগ বছ ১৭ৰ শেহতীয়া প্ৰ’মো মুকলি হৈছে । এই প্ৰমো ভিডিঅ’টোত অংকিতা লোখাণ্ডে আৰু অসমকন্যা খানজাদী ওৰফে ফিৰোজা খানৰ মাজত কাজিয়া হোৱা দেখা গৈছে । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷ ইফালে খানজাদীয়ে অংকিতাক মন্তব্য কৰি কয়, "মই আপোনাৰ দৰে ছিৰিয়েল নকৰোঁ ।" ইয়াৰ পিচতে খানজাদীক উভতি ধৰে অংকিতাই ৷ অংকিতাই খানজাদীক কয়, ‘‘আপোনাৰ দৰে ছিৰিয়েল নকৰো মানে কি বুজাব বিচাৰিছে । আপুনি পাহৰি নাযাব যে আপুনি এতিয়া টেলিভিছনত আছে ।’’