চিটাৰা ডেস্ক, 24 অক্টোবৰ: জনপ্ৰিয় টিভি শ্ব’ ‘বিগ বছ ১৭’ আৰম্ভ হোৱাৰ এসপ্তাহ পাৰ হৈ গ’ল । ইফালে বিগ বছ হাউচত দেখা গৈছে তৰ্ক-বিতৰ্ক, কাজিয়া, প্ৰেম, সম্পৰ্কত তিতা-মিঠা অভিজ্ঞতা ৷ এটা সপ্তাহতে এই সকলোবোৰ দেখা গৈছে শ্ব’টোত ৷ একে সময়তে সম্প্ৰতি লাইমলাইটত আছে শ্ব’টোৰ প্ৰতিযোগী তথা প্ৰাক্তন প্ৰেমিক-প্ৰেমিকা অভিষেক কুমাৰ আৰু ঈশা মালৱিয়া ৷ কাৰণ শ্ব’টোত যদি কেতিয়াবা দুয়োৰে মাজত প্ৰেম দেখা গৈছে, আন কেতিয়াবা আকৌ দুয়োৰে মাজত সংঘাত দেখা গৈছে । ইফালে, শ্ব’টোৰ এটা নতুন প্ৰ’ম’ মুকলি হৈছে, য’ত পুনৰবাৰ দুয়োৰে মাজত বিভাজন দেখা গৈছে ।
ঈশাক পাহৰিব পৰা নাই অভিষেকে
শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত অভিষেক আৰু ঈশাৰ মাজত পুনৰবাৰ পৰিস্থিতিৰ অৱনতি ঘটা দেখা গৈছে । প্ৰ’ম’টোত দেখুওৱা হৈছে যে অভিষেকে ঈশাক তেওঁৰ ওচৰত বহিবলৈ কৈছে । কিন্তু ঈশা তাৰ পৰা উঠি গুচি যায় । ইয়াৰ পিচত অভিষেক ঈশাৰ পিছফালে গৈ জোৰেৰে চিঞৰিবলৈ ধৰে । লগতে অভিষেকে ঈশাক কয়, "তোমাৰ বাহিৰে এই ঘৰত মই কাকো গুৰুত্ব নিদিওঁ । মোৰ লগত বেলেগ আচৰণ কৰিলে মই পাগল হৈ যাম ।"