চিটাৰা ডেস্ক, ১২ জানুৱাৰী: বিগ বছ হাউচত প্ৰতিদিনে দেখা পোৱা গৈছে এটা নতুন নাটক । মুনাৱাৰ ফাৰুকীয়ে শেহতীয়া খণ্ডত আয়েশা খানক ঘৰৰ পৰা বাহিৰ কৰাৰ বাবে মনোনীত কৰাৰ পিচৰে পৰা ৰুদ্ৰ ৰূপ ধাৰণ কৰে আয়েশাই ৷ মুনাৱাৰক কটাক্ষ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে আয়েশাই । আয়েশাৰ কথা শুনি পৰিয়ালৰ আন প্ৰতিযোগীসকলো স্তম্ভিত হৈ পৰে । আয়েশাৰ এই অভিযোগৰ পিচতে মানসিকভাৱে ভাঙি পৰে মুনাৱাৰ । শ্ব’টোত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আন একো নক’বললৈ বাৰে বাৰে আয়েশাৰ ওচৰত ক্ষমা বিচাৰে মুনাৱাৰে । এতিয়া শ্ব’টোত মুনাৱাৰক কান্দি থকা দেখি তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে একাংশ চেলিব্ৰিটি । মুনাৱাৰৰ সমৰ্থনত বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে ।
মুনাৱাৰৰ সমৰ্থনত ওলাই অহা চেলিব্ৰিটিসকল আন কোনো নহয়, তেওঁলোক বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী । কৰণ কুন্দ্ৰা, আলী গনি, যুৱিকা চৌধাৰীকে ধৰি বহু চেলিব্ৰিটিয়ে মুনাৱাৰক সমৰ্থন কৰিছে ।
কৰণ কুন্দ্ৰাই পোষ্ট শ্বেয়াৰ কৰিছে
মুনাৱাৰৰ সমৰ্থনত কৰণ কুন্দ্ৰাই পোষ্ট শ্বেয়াৰ কৰি লিখিছে - তেওঁলোকে তোমাক বাধা দিব... কিন্তু বাধা দিলেও আগবাঢ়ি যাবা... তেওঁলোকে তোমাক মানসিকভাৱে ভাঙিবলৈ চেষ্টা কৰিব, কিন্তু তুমি নিজকে ভাঙি পৰিবলৈ নিদিবা... তুমি আগবাঢ়ি যোৱা । আমি তোমাৰ লগত থিয় দিছো, আন কাৰো প্ৰয়োজন নাই ।