অসম

assam

ETV Bharat / entertainment

Bigg Boss 17 Highlights: অভিষেকক বিগ বছে দিলে সতৰ্কবাণী, কিন্তু কিয় ? - Abhishek Kumar

প্ৰথম দিনাৰ পৰাই বিগ বছ ১৭ ত দেখা বহু ড্ৰামা । শ্ব’টোৰ আৰম্ভণিতে অভিষেকে দেখুৱাইছে নিজৰ আগ্ৰাসী স্বভাৱ । ইয়াৰ পিচতে বিগ বছে তেওঁক এই আচৰণৰ বাবে সতৰ্কবাণী দিছে ।

Bigg Boss 17 day 2 highlights: Abhishek Kumar warned for aggressive behaviour, Munawar Faruqui consoles Mannara Chopra as she gets nominated
বিগ বছ ১৭ হাইলাইট

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:50 PM IST

চিটাৰা ডেস্ক, 18 অক্টোবৰ: আৰম্ভ হৈছে বিতৰ্কিত টিভি ৰিয়েলিটি শ্ব’ বিগ বছৰ ১৭ সংখ্যক ছিজন । এইবাৰ শ্ব’টোত অংশগ্ৰহণ কৰিছে বহু জনপ্ৰিয় তাৰকাই ৷ ইফালে শ্ব’টো আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ প্ৰথম দিনাই বিগ বছৰ ঘৰত দেখা গৈছে কাজিয়া । এতিয়ালৈকে বহু প্ৰতিযোগীয়ে নিজকে শ্ব’টোৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে এনে এজন প্ৰতিযোগী আছে যিয়ে শ্ব’টোত প্ৰৱেশ কৰাৰ পিচৰে পৰা নিজৰ আগ্ৰাসী স্বভাৱ দেখুৱাইছে ।

হয়, আমি কৈছো অভিনেতা অভিষেক কুমাৰৰ কথা । অভিনেতাজনে বিগ বছৰ ঘৰত প্ৰৱেশ কৰাৰে পিচৰ পৰা আগ্ৰাসী হৈ পৰে ৷ প্ৰথম দিনাই অভিষেকক মান্নাৰা চোপ্ৰা আৰু ছোনিয়া বংশালৰ সৈতে তৰ্ক কৰা দেখা যায় । আনহাতে, শেষৰ ফালে তেওঁক অৰুণ শ্ৰীকান্ত মাশ্বেট্টীৰ সৈতে কাজিয়াত লিপ্ত হোৱা দেখা যায় । এই দুয়োৰে মাজত কাজিয়া ইমানেই বাঢ়ি যায় যে দুয়োৰে কাজিয়া ভাঙিবলৈ বিগ বছৰ বাকী সদস্য আগবাঢ়ি আহে ৷ অৱশ্যে অৰুণ কিছুসময় পিচত শান্ত হৈ পৰে, কিন্তু অভিষেকৰ খং নিয়ন্ত্ৰণ কৰিব পৰা নাছিল কোনেও ।

খঙত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় অভিষেকে

যেতিয়া ছানী আৰিয়া ওৰফে তেহেলকাই অভিষেকক শান্ত কৰিবলৈ তেওঁৰ কাষ চাপি আহে, তেতিয়া অভিষেকে আনকি ছানীৰ লগতো তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পিচত দুয়োৰে মাজত সৃষ্টি হয় কাজিয়া । দুয়োৰে মাজত কাজিয়া যথেষ্ট তীব্ৰতৰ হৈ পৰে । ইয়াৰ পিচত ছানীয়ে খঙত অভিষেকক আক্ৰমণ কৰিবলৈ হাতত এখন চকী তুলি লয় ৷ কিন্তু ছানীক এনে কৰিবলৈ নিদিয়ে বাকী প্ৰতিযোগীয়ে আৰু ইয়াৰ পিচত শান্ত হৈ পৰে ছানী ৷ কিন্তু দুয়োৰে মাজৰ কাজিয়া ইমানেই বৃদ্ধি হৈ গৈছিল যে বিগ বছে তেওঁলোকৰ কাজিয়াত হস্তক্ষেপ কৰিবলগীয়া হয় ।

অভিষেকৰ আগ্ৰাসী আচৰণত বিচলিত বিগ বছৰ বাকী সদস্য

বিগ বছে পৰিয়ালৰ সকলো সদস্যক একত্ৰিত কৰি অভিষেকক ধমক দি কয় যে তেওঁ ঘৰত অহাৰ পৰাই কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত কাজিয়া কৰাৰ অজুহাত বিচাৰি থাকে আৰু তাৰ পিচত সন্মুখৰ ব্যক্তিগৰাকীক তেওঁ কাজিয়াৰ বাবে উচটনি দিয়ে । সেয়েহে, বিগ বছে তেওঁক খং নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথম সতৰ্কবাণী দিয়ে । ইয়াৰ পিচত বিগ বছ হাউচৰ সকলো সদস্যই অভিষেকৰ আগ্ৰাসী স্বভাৱৰ বিষয়ে আলোচনা কৰা দেখা যায় ৷ ইফালে অভিষেকৰ এনে আচৰণৰ বাবেই তেওঁক পৰিয়ালৰ লোকে নমিনেট কৰে ৷ উল্লেখ্য যে অভিষেকৰ এনে আচৰণৰ বাবেও ছ’চিয়েল মিডিয়াতো তেওঁক সমালোচনা কৰা দেখা গৈছে ।

লগতে পঢ়ক:Bigg Boss 17 Confirmed Contestants List: এইসকল চেলিব্ৰিটিক এইবাৰ দেখা যাব বিগ বছ 17 ত, চাওক সম্পূৰ্ণ তালিকা

ABOUT THE AUTHOR

...view details