চিটাৰা ডেস্ক, 4 এপ্ৰিল: লাফটাৰ কুইন ভাৰতীৰ জীৱনলৈ আহিল এগৰাকী নাৰীৰ জীৱনৰ সৰ্বোত্তম সুখৰ মূহুৰ্তটো ৷ দেওবাৰে মাতৃত্বৰ গৌৰৱেৰে গৌৰাম্বিত হ’ল ভাৰতী সিং (Bharti Singh baby news) ৷
ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়া দুয়োৱে নিজৰ ইনষ্টাগ্ৰামত এই সুখবৰটো নিজৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে (Bharti Harsh baby news) ৷ খবৰটো বিয়পি পৰাৰে পৰা সামাজিক মাধ্যমত শুভেচ্ছাবাণীৰে দুয়োকে উপচাই পেলাই অনুৰাগীয়ে ৷
মাতৃত্ব প্ৰাপ্তি হ’ল ভাৰতী সিঙৰ ভাৰতী সিঙৰ অন্তঃসত্বাৰ বাতৰিয়ে বহু সময় ধৰি চৰ্চা লাভ কৰি আহিছিল ৷ গৰ্ভাৱস্থাৰ সময়ত ভাৰতী আৰু হৰ্ষে কেইবাটাও মেটাৰ্নিটী ফটোশ্বুট কৰিছে ৷ দুয়োৰে ফটোসমূহে অনুৰাগীৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ৷
বৰ্তমানে সামাজিক মাধ্যমত খুবেই প্ৰশংসিত হৈছে ভাৰতী সিং ৷ কিয় জানেনে? বাতৰি অনুসৰি সন্তান প্ৰসৱৰ আগদিনালৈকে ভাৰতীয়ে কাম কৰিছিল ৷ হৰ্ষৰ সৈতে ভাৰতীক শ্বুটিং স্থলীত দেখা গৈছিল ৷
অনুৰাগী সকল ভাৰতীৰ কৰ্মোদ্যম দেখি আচৰিত হৈ পৰিছে ৷ সামাজিক মাধ্যমত এটা ভিডিঅ’ সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে য’ত পাপাৰাজীৰ সৈতে ভাৰতীয়ে হাঁহি ধেমালিৰে কথা পাতি ছেটৰ ভিতৰলৈ সোমাই যোৱা দেখা গৈছে ৷ সন্তান প্ৰসৱৰ আগদিনালৈকে কাম কৰা ভাৰতী এতিয়া মহিলাসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷
পিতৃ-মাতৃ হোৱাৰ পৰিকল্পনা বহু সময়ৰ পৰাই কৰি আহিছিল হৰ্ষ আৰু ভাৰতীয়ে (Bharti Harsh Limbachiyaa baby) ৷ কেতিয়াবা ছ’চিয়েল মিডিয়া নতুবা কেতিয়াবা ৰিয়েলিটী শ্ব’ৰ মঞ্চত দুয়োৱে প্ৰকাশ কৰিছিল এই হেঁপাহৰ কথা ৷
লকডাউনৰ সময়ছোৱাৰ পৰাই ভাৰতী হৰ্ষে উল্লেখ কৰি আহিছিল তেওঁলোকৰ এই সপোনৰ বিষয়ে ৷ 2017 চনৰ 3 ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতী আৰু হৰ্ষ (Bharti Harsh marriage date) ৷ কিছুদিন পূৰ্বে ভাৰতী হৰ্ষৰ যমজ সন্তান জন্ম হৈছিল বুলি এটা উৰাবাতৰিয়ে খুব চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত ৷ অৱশ্যে হৰ্ষ লিম্বাচিয়াই তৎক্ষণাত খবৰটো নসাৎ কৰিছিল ৷
লগতে পঢ়ক:কৌতুক অভিনেতা ভাৰতী সিঙৰ গৰ্ভাৱস্থাৰ ফটো শ্বুটৰ কেইখনমান আকৰ্ষণীয় ফটো