চিটাৰা ডেস্ক, 30 ডিচেম্বৰ :চলিত বৰ্ষৰ আৰম্ভণিতে স্তন কেন্সাৰ ধৰা পৰিছিল টিভি জগতৰ অভিনেত্ৰী ছবি মিট্টালৰ ৷ শক্তিশালী মনৰ অধিকাৰী অভিনেত্ৰী গৰাকীয়ে অস্ত্ৰোপচাৰ কৰাৰ পিছত থকা দাগৰে সৈতে ফটো শ্বেয়াৰ কৰি জনাইছিল তেওঁ এই মাৰাত্মক বেমাৰলৈ কেৰেপ নকৰে ৷ অভিনেত্ৰী ছবি মিট্টলে ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে পুনৰ নতুন ছবি শ্বেয়াৰ কৰিছে ডুবাইৰ পৰা য’ত তেওঁক অস্ত্ৰোপচাৰৰ দাগ আকোঁৱালি লোৱা দেখা গৈছে ৷
নৱবৰ্ষৰ আগতে ছবি মিট্টাল ফুৰিবলৈ গৈছে ডুবাইলৈ ৷ ছবিয়ে শ্বেয়াৰ কৰা এই ফটোসমূহ তেওঁক বগা চুইমৱেৰ পিন্ধি থকা দেখা গৈছে । চুইমৱেৰত তেওঁৰ পিঠিৰ সোঁফালে থকা দাগটো দেখা গৈছে । ফটোসমূহ শ্বেয়াৰ কৰি কেপছনত অভিনেত্ৰী গৰাকীয়ে লিখিছে, "এই বছৰ মই এইটোৱেই উপাৰ্জন কৰিলোঁ । এটা নতুন জীৱন । এটা ভাল জীৱন। এটা শক্তিশালী জীৱন" ৷
ছবি মিট্টালে পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকলে অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে । "আপুনি ভিতৰে-বাহিৰে ধুনীয়া ! কোনেনো এই দাগ দেখিব বা দেখা পালেও কোনে গুৰুত্ব দিব ! ঠিকেই আছে"!, এজন ব্যৱহাৰকাৰীয়ে মন্তব্যই দিছিল এইদৰে ৷ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "মই আপোনাৰ দাগ আৰু দৃঢ় সংকল্পৰ শক্তি ভাল পাওঁ" ৷