অসম

assam

ETV Bharat / entertainment

অসুস্থ হিনা খান, চাৰিদিন ধৰি হাস্পতালত ভৰ্তি, কি হৈছে অভিনেত্ৰীগৰাকীৰ ?

Hina Khan Hospitalised: চিকিৎসালয়ত ভৰ্তি হিনা খান । ইনষ্টাগ্ৰামত চিকিৎসালয়ৰ এখন ফটো শ্বেয়াৰ কৰি দিলে স্বাস্থ্যৰ আপডেট ।

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 4:03 PM IST

Actor Hina Khan Hospitalised Due to High Fever
চিকিৎসালয়ত ভৰ্তি হিনা খানক

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: সৰু পৰ্দাৰ এটা জনপ্ৰিয় নাম হিনা খান ৷ ‘য়েহ ৰিস্তা ক্যা কেহলাতা হে’ খ্যাত হিনা খান প্ৰায়ে নিজৰ কাম আৰু ফেশ্বনৰ বাবে বাতৰিৰ শিৰোনামত থাকে ৷ এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ অৱশ্যে এইবাৰ ফেশ্বনৰ বাবে নহয়, অন্য এটা কাৰণত হে চৰ্চাত আহিছে অভিনেত্ৰীগৰাকী ৷ হঠাৎ অসুস্থ হৈ পৰিছে অভিনেত্ৰী হিনা খান আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই তথ্য ছ’চিয়েল মিডিয়াত খোদ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । দৰাচলতে ভীষণ জ্বৰত ভুগিছে হিনা খান, যাৰ বাবে অভিনেত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰিবলগীয়া হয় । ইয়াৰ লগতে অনুৰাগীক স্বাস্থ্যৰ আপডেট দিওঁতে হিনাই কয় যে তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব ।

ভীষণ জ্বৰত ভুগিছে হিনা

চিকিৎসালয়ত ভৰ্তি হিনা খানক

হিনাই ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছে । এখন ফটোত হিনাক চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে । ফটোখনৰ কেপচনত তেওঁ লিখিছে- Life update, চতুৰ্থ দিন।

দ্বিতীয়খন ফটোত হিনাই থাৰ্মোমিটাৰৰ ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ শৰীৰৰ উষ্ণতা ১০২ দেখা গৈছে । এই ফটোখনৰ কেপচনত হিনাই লিখিছে - খুব বেছি জ্বৰত ভুগিছো আৰু মোৰ যোৱা চাৰিটা নিশা বহুত বেয়া গৈছে । এই উষ্ণতা কমি যোৱা নাই । অহৰহ ১০২-১০৩ত থাকে । এতিয়া শক্তি বাকী নাই । হিনাই লগতে লিখিছে - যিসকলে মোৰ বাবে চিন্তিত, তেওঁলোকক জনাব বিচাৰো যে মই সোনকালে বাউন্স বেক কৰিম ।

এই শ্ব’টোৰ পৰা হিনা খানে নাম আৰু খ্যাতি লাভ কৰিছিল

উল্লেখ্য যে, হিনা খানে নাম-খ্যাতি লাভ কৰিছিল ‘য়েহ ৰিস্তা ক্যা কেহলাতা হে’ ধাৰাবাহিকৰ পৰা । এই ধাৰাবাহিকখনে তেওঁক নিশাটোৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিছিল । বহু বছৰ ধাৰাবাহিকখনৰ সৈতে জড়িত আছিল হিনা । এই শ্ব’ৰ পিচত হিনাক বিগ বছত দেখা গৈছিল । হিনাই বিগ বছৰ পৰাও আৰু অধিক জনপ্ৰিয়তা লাভ কৰিছিল । হিনাৰ ফেশ্বন চেন্সে বাতৰিৰ শিৰোনাম দখল কৰিছিল । বিগ বছৰ পিচত হিনাক নাগিন ছিৰিজতো দেখা গৈছিল । অনুৰাগীয়ে হিনাৰ অভিনয় যথেষ্ট ভাল পায় ।

হিনা খান কেৱল সৰু পৰ্দাতেই সীমাবদ্ধ হৈ থকা নাই, হিনাই বলীউডতো আত্মপ্ৰকাশ কৰিছে । বিক্ৰম ভাটৰ ‘হেকড’ ছবিখনৰ জৰিয়তে হিনাই বলীউডত আত্মপ্ৰকাশ কৰিছিল ।

চিকিৎসালয়ত ভৰ্তি হিনা খানক

লগতে পঢ়ক:এমাহ পাচত ৰুবিনা দিলাইকে প্ৰকাশ কৰিলে মাতৃ হোৱাৰ খবৰ

ABOUT THE AUTHOR

...view details