চিটাৰা ডেস্ক, 23 অক্টোবৰ: জনপ্ৰিয় YouTuber আৰু Bigg Boss OTT 2 ৰ প্ৰাক্তন প্ৰতিযোগী অভিষেক মালহানক লৈ এটা ডাঙৰ খবৰ আহিছে । খবৰ অনুসৰি অভিষেকৰ ডেৰ লাখ টকা চুৰি হৈছে । এটা ভিডিঅ’ত এই কথা প্ৰকাশ কৰিছে খোদ অভিষেকে, য’ত তেওঁ সমগ্ৰ বিষয়টোৰ বিষয়ে মুকলিকৈ কৈছে । অভিষেকে কৈছে যে ভ্ৰমণৰ সময়ত তেওঁৰ লগত এই চুৰিকাৰ্য সংঘটিত হৈছিল ।
১.৫ লাখ টকা চুৰি হৈছে অভিষেক মালহানৰ
অভিষেক মালহানৰ মাতৃ দিম্পল মালহানে শ্বেয়াৰ কৰিছে শেহতীয়া Vlog । এই ভিডিঅ’টোতেই অভিষেকে জনাইছে যে ভ্ৰমণৰ সময়ত তেওঁৰ পৰা ডেৰ লাখ টকা চুৰি হৈছে । ভিডিঅ’টোৰ আৰম্ভণিতে ইউটিউবাৰে কোৱা শুনা যায়, ‘‘ভাতৃ, মই ডেৰ লাখ টকা লৈ আহিছিলোঁ, কাৰোবাক আইফোন এটা উপহাৰ দিবলগীয়া আছিল, সেই ফোনটোৰ পেমেণ্ট এতিয়াও বাকী আছিল । কিন্তু যেতিয়া মই বেগটো দেখিলো, তেতিয়া দেখিলো বেগটো খালী, টকা নাছিল বেগত ।’’
YouTuber য়ে Vlog টোত সম্পূৰ্ণ কথা বিৱৰি কৈছিল