চিটাৰা ডেস্ক, 16 আগষ্ট : টিভি জগতৰ জনপ্ৰিয় তাৰকা যুটি অভিনেতা গুৰমীত চৌধুৰী আৰু দেবিনা বেনাৰ্জী পুনৰ অভিভাৱক হ’বলৈ ওলাইছে । মঙলবাৰে এই দম্পতীয়ে ইনষ্টাগ্ৰামত দেবিনাৰ দ্বিতীয়টো গৰ্ভধাৰণৰ বিষয়ে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ।
তেওঁলোকে এখন মনোগ্ৰাহী ফটো শ্বেয়াৰ কৰে, য’ত দেবিনাই ছ’নোগ্ৰাফী ৰিপৰ্টটো হাতত লৈ অনুৰাগীক দেখুৱাই আছে । এই আপডেটটো শ্বেয়াৰ কৰি দেবিনাই এই কথাও উল্লেখ কৰে যে এই গৰ্ভাৱস্থা অপৰিকল্পিত আছিল । "কিছুমান সিদ্ধান্তই ঐশ্বৰিক সময় নিৰ্ধাৰণ কৰে আৰু একোৱেই সেইটো সলনি কৰিব নোৱাৰে...এইটোও এনেকুৱা এটা আশীৰ্বাদ...আমাক সম্পূৰ্ণ কৰিবলৈ অতি সোনকালেই আহি আছে । #babyno2 #mommieagain #ontheway #pregnancydiaries #daddyagain #gurmeetchoudhary #debinabonnerjee", শিৰোনামত এইদৰে লিখে দেবিনাই ৷