অসম

assam

ETV Bharat / entertainment

Zeenat Aman Surgery: চকুৰ অস্ত্ৰোপচাৰ কৰিলে জিনাত আমনে, এতিয়া ঘূৰি আহিছেনে অভিনেত্ৰীগৰাকীৰ দৃষ্টি শক্তি ? - জিনাত আমন

জিনাত আমনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ হৈছে ।

Zeenat Aman undergoes surgery for her eye injury
জিনাত আমনৰ অস্ত্ৰোপচাৰ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:28 PM IST

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় বলীউডৰ প্ৰবীণ অভিনেত্ৰী জিনাত আমন । লগতে তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সৈতে জড়িত কাহিনীও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে ছ’চিয়েল মিডিয়াত । এইবাৰ জিনাত আমনে এটা পোষ্টযোগে তেওঁ নিজৰ স্বাস্থ্যৰ আপডেট দিছে । দৰাচলতে, জিনাত আমনে ৪০ বছৰ আগতে চকুত আঘাত পাইছিল যাৰ বাবে লাহে লাহে কমি আহিছিল তেওঁ দৃষ্টি শক্তি ৷ কিন্তু নিজৰ দৃষ্টি শক্তি ঘূৰাই আনিবলৈ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত লয় ৷ চকুৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় জিনাত আমনে ৷ অৱশেষত সুকলমে সম্পন্ন হয় অভিনেত্ৰীগৰাকীৰ চকুৰ অস্ত্ৰোপচাৰ । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছে অভিনেত্ৰীগৰাকীয়ে ।

জিনাত আমনে চিকিৎসালয়ৰ পৰা নিজৰ ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক পুত্ৰৰ সৈতে দেখা গৈছে । এই পোষ্টটোত জিনাত আমনে তেওঁৰ চকুৰ আঘাতৰ কথা জানিও তেওঁৰ সৈতে কাম কৰিবলৈ সন্মত হোৱা তেওঁৰ উদ্যোগৰ সহ অভিনেতাসকলক ধন্যবাদ জনাইছে ।

৪০ বছৰ পূৰ্বে চকুত আঘাত পাইছিল অভিনেত্ৰীগৰাকীয়ে

জিনাত আমনে লিখিছে- যোৱা ৪০ বছৰ ধৰি মোৰ লগত কোঠাটোত এটা হাতীয়ে বসবাস কৰি আছে । কিন্তু এই হাতীটোক বাহিৰলৈ উলিয়াই দিয়াৰ সময় আহি পৰিছে । ট'ছিছ নামৰ এটা বেমাৰত আক্ৰান্ত হৈছিলো মই ৷ যিটো বহু বছৰ আগতে হোৱা আঘাতৰ ফল যিয়ে মোৰ সোঁ চকুৰ চাৰিওফালে থকা পেশীবোৰৰ ক্ষতিসাধন কৰিছিল । বছৰ বছৰ ধৰি ইয়াৰ ফলত মোৰ চকুৰ পতাবোৰ আৰু অধিক তললৈ নামি আহিছিল আৰু কেইবছৰমানৰ আগতে ইমানেই গুৰুতৰ হৈ পৰিছিল যে মোৰ চকুত অসুবিধা হ’বলৈ ধৰিছিল ।

জিনাত আমনে লগতে লিখিছে- কাৰোবাৰ কেৰিয়াৰ যেতিয়া তেওঁৰ চেহেৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, তেতিয়া তাত অলপো পৰিৱৰ্তন আনিবলৈ টান হয় । মই জানো যে এই ট'ছিছে মোৰ সুযোগ সীমিত কৰি তুলিছিল আৰু মোক অবাঞ্চিত মনোযোগৰ বিষয় কৰি তুলিছিল । কিন্তু আলোচনা, মন্তব্য আৰু প্ৰশ্নৰ পিচতো মই কেতিয়াও কম অনুভৱ কৰা নাছিলো । কিছুমান মহান ব্যক্তি সদায় মোৰ কাষত থিয় দিছিল ৷ মোৰ এনে অৱস্থাৰ পিচতো মোৰ লগত কাম কৰিবলৈ বাছি লৈছিল তেওঁলোকে ।

জিনাত আমনে লিখিছে- অপাৰেচনৰ দিনা মোৰ শৰীৰটো বৰফৰ দৰে ঠাণ্ডা হৈ পৰিল । জাহানে (তেওঁৰ পুত্ৰ) মোৰ কপালত চুমা খাই মোক অপাৰেচন থিয়েটাৰলৈ লৈ গ’ল, তাতে মোক মেডিকেল টিমৰ হাতত গতাই দিলে । প্ৰায় এঘণ্টামানৰ পাচত মই জীৱিত জলদস্যুৰ দৰে ওলাই আহিলোঁ । লাহে লাহে আৰোগ্য লাভ কৰিছো, কিন্তু মই ক’বলৈ পাই সুখী যে মোৰ দৃষ্টিশক্তি এতিয়া আগৰ তুলনাত বহুত স্পষ্ট হৈছে ।

লগতে পঢ়ক:Sara Ali Khan: দুসপ্তাহত পেটৰ চৰ্বি কমালে ছাৰা আলী খানে, ফটো শ্বেয়াৰ কৰি ক’লে-মই গৌৰৱ অনুভৱ কৰিছো

ABOUT THE AUTHOR

...view details