অসম

assam

ETV Bharat / entertainment

Zara Hatke Zara Bachke Collection Day 3: ছাৰা-বিকিৰ জাৰা হাটকে জাৰা বাচকে ছবিখনে তিনিদিনত বক্স অফিচত গঢ়িলে অভিলেখ

ছাৰা আলী খান আৰু বিকি কৌশলৰ ছবি ‘জাৰা হাটকে জাৰা বাচকে’ ই মুক্তি পোৱাৰ লগে লগে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে (Sara Ali khan)। ছবিখন মুক্তি পোৱাৰ তিনিদিন হ’ল আৰু তৃতীয় দিনা অন্তত ছবিৰ আয় অতি উত্তম। উইকেণ্ডত ছবিখনে কিমান সংগ্ৰহ কৰিলে জানি লওক ।

Zara Hatke Zara Bachke BO day 3: Vicky Kaushal's film brings back housefull scenes at theatres
জাৰা হাটকে জাৰা বাচকে ছবিখনৰ বক্স অফিচ সংগ্ৰহ

By

Published : Jun 5, 2023, 6:51 PM IST

চিটাৰা ডেস্ক, 5 জুন:বিকি কৌশল আৰু ছাৰা আলী খানৰ ছবি ‘জাৰা হাটকে জাৰা বাচকে’ (Zara Hatke Zara Bachke) ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ৷ বিকি আৰু ছাৰাৰ ছবিখন দৰ্শকে ভাল পাইছে, যাৰ প্ৰমাণ হৈছে ছবিখনৰ নিত্য বৃদ্ধি পোৱা বক্স অফিচ সংগ্ৰহ । শুকুৰবাৰে মুক্তি পোৱাৰ তিনিদিনৰ ভিতৰত ছবিখনৰ সংগ্ৰহ অতি উত্তম । এই ছবিখনে বাজেটৰ আধাতকৈও অধিক ইতিমধ্যেই উপাৰ্জন কৰিলে । দেওবাৰৰ দিনটোত ছবিখনে কিমান সংগ্ৰহ কৰিলে জানি লওক এই প্ৰতিবেদনত।

দেওবাৰৰ দিনটোত ইমান সংগ্ৰহ কৰে ছবিখন

২ জুনত মুক্তি লাভ কৰিছিল বিকি কৌশল আৰু ছাৰাৰ ছবিখনে (Zara Hatke Zara Bachke Box office) । শুকুৰবাৰে ছবিখনে ৫.৪৯ কোটি, শনিবাৰে ৭.২০ কোটি আৰু দেওবাৰে ৯.৯০ কোটি টকা সংগ্ৰহ কৰে ৷ যদিও এয়া দেওবাৰৰ সংগ্ৰহ প্ৰাৰম্ভিক, তথাপিও ইয়াত পৰিৱৰ্তন হ’ব পাৰে । গতিকে এই তিনিদিনৰ সংকলন যদি একত্ৰিত কৰা হয় তেন্তে ‘জাৰা হাটকে জাৰা বাচকে’ ছবিখনে এতিয়ালৈকে ২২.৫৯ কোটি টকা সংগ্ৰহ কৰিছে (Zara Hatke Zara Bachke BO day 3) ।

ব্যয় কৰা আধা ইতিমধ্যেই সংগ্ৰহ

‘জাৰা হাটকে জাৰা বাচকে’ ছবিখনৰ বাজেট প্ৰায় ৪০ কোটি টকা বুলি কোৱা হৈছে । এনে পৰিস্থিতিত যদি আমি তিনিদিনৰ সংগ্ৰহলৈ চাওঁ, তেন্তে এই ছবিখনে বাজেটৰ আধা খৰচ মাত্ৰ ৩ দিনতে উভতাই পাইছে । এনে পৰিস্থিতিত ছবিখনৰ গতি দেখি এনে লাগে যেন অতি সোনকালে বাকী থকা খৰচো আদায় কৰিব । অৱশ্যে সপ্তাহৰ দিনকেইটা দৰ্শকক ছবিগৃহলৈ অনাটো এই ছবিখনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব (Zara Hatke Zara Bachke collection)।

ছাৰা-বিকিৰ প্ৰথমখন ছবি

বিশেষ কথাটো হ’ল এই ছবিখন হৈছে ছাৰা আলী খান আৰু বিকি কৌশলৰ একেলগে প্ৰথমখন ছবি ৷ য’ত দুয়োগৰাকীক প্ৰথমবাৰ একেলগে ডাঙৰ পৰ্দাত অভিনয় কৰা দেখা গৈছে । ছবিখনত এই দুগৰাকী তাৰকাৰ উপৰি সহযোগী চৰিত্ৰত আছে নীৰজ ছুদ, ৰাকেশ বেদী আৰু শ্বাৰীব হাছমী । এই ছবিখন পৰিচালনা কৰিছে লক্ষ্মণ উটেকাৰে । ছবিখনৰ গীত আৰু ট্ৰেইলাৰ দৰ্শকে পছন্দ কৰিছিল ৷

লগতে পঢ়ক:Sri Raghupati: শ্ৰী ৰঘুপতি ছবিখনৰ মুক্তিৰ সন্দৰ্ভত কি ক’লে অভিনেতা ৰবি শৰ্মাই

ABOUT THE AUTHOR

...view details