চিটাৰা ডেস্ক, 20 এপ্ৰিল: বলীউডৰ কণ্ঠশিল্পী তথা ৰেপাৰ হানি সিঙৰ বিৰুদ্ধে মুম্বাই আৰক্ষী থানাত দাখিল এজাহাৰ ৷ বলীউডৰ কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ইভেণ্টৰ আয়োজকক অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ (Yo Yo Honey Singh assault charges) ৷ মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বিবেক ৰমন নামৰ এজন ব্যক্তিয়ে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স থানাত হানি সিং আৰু কেইবাজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে (Yo Yo Honey Singh) ।
মুম্বাই আৰক্ষীৰ দলে কয়, ‘‘এটা ইভেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী বিবেক ৰমনে হানি সিং আৰু অন্যান্যৰ বিৰুদ্ধে অপহৰণ, বন্দী কৰি ৰখা আৰু আক্ৰমণৰ অভিযোগ দাখিল কৰিছে ।’’ আৰক্ষীৰ মতে, ৰমনে উল্লেখ কৰে যে, হানি সিঙে তেওঁক অপহৰণ কৰি বন্দী কৰি ৰাখিছিল আৰু চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত মুম্বাইৰ এখন হোটেলত ৰাখি আক্ৰমণ কৰিছিল (Honey Singh Kidnapping Charges) ।
যোৱা ১৯ এপ্ৰিলত দাখিল কৰা এজাহাৰ অনুসৰি অভিযোগকাৰী ৰমনে যোৱা ১৫ এপ্ৰিলত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)ত কণ্ঠশিল্পীগৰাকীৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল (Yo Yo Honey Singh in legal trouble)। যদিও টকাৰ লেনদেনত হোৱা ভুলৰ বাবেই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হৈছিল (Yo Yo Honey Singh Complaint) ।