চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: বলীউডৰ সুপৰিচিত প্ৰযোজক-পৰিচালক যশ চোপ্ৰা এতিয়া আমাৰ মাজত নাই যদিও হিন্দী চিনেমালৈ তেওঁৰ অনৱদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । আজি তেওঁৰ জন্ম বাৰ্ষিকী ৷ তেওঁক ৰোমাঞ্চৰ কিং বুলি কোৱা হয়, কাৰণ তেওঁ ছবিৰ জৰিয়তে সলনি কৰিছিল ৰোমাঞ্চৰ সংজ্ঞা । এসময়ত তেওঁৰ চিনেমা চাইয়ে মানুহে প্ৰেম কৰিবলৈ শিকিছিল ।
কিন্তু আপুনি জানেনে যশ চোপ্ৰাৰ এই কিং অৱ ৰোমাঞ্চ হোৱাৰ যাত্ৰা সহজ নাছিল ৷ যশ চোপ্ৰাই এটা সৰু কোঠালিৰ পৰা আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ ৷ এটা কোঠালিৰ পৰা তেওঁ পৰৱৰ্তী সময়ত য’ত উপনীত হৈছিল সেই স্থানত উপনীত হোৱাটো একেবাৰেই সহজ নাছিল তেওঁৰ বাবে । যশ চোপ্ৰা এনে এজন প্ৰতিভাৱান পৰিচালক আছিল যিয়ে বলীউডক দিছিল বহু ছুপাৰষ্টাৰ । এইখিনিতে ক’লে ভুল নহ’ব যে প্ৰতিটো প্ৰজন্মই তেওঁৰ ছবি চাই ভাল পায় ।
যশ চোপ্ৰাৰ প্ৰাৰম্ভিক জীৱন
যশ চোপ্ৰাৰ জন্ম হৈছিল পাকিস্তানৰ লাহোৰত । তেওঁৰ পৰিয়ালে তেওঁক অভিযন্তা হোৱাটো বিচাৰিছিল যদিও তেওঁ ছবিৰ জগতখনত প্ৰৱেশ কৰিব বিচাৰিছিল । যশৰ বয়স যেতিয়া 19 বছৰ আছিল, তেতিয়া তেওঁৰ ডাঙৰ ভাতৃ বি আৰ চোপ্ৰা এজন পৰিচালক আছিল । ইফালে আন এজন ভাতৃ কেমেৰামেন আৰু এজন ভাতৃ ডিষ্ট্ৰিবিউটৰ আছিল । সেইবাবেই দেউতাকে বিচাৰিছিল যে পৰিয়ালৰ এজন পুত্ৰই বেলেগ কিবা এটা কৰিব লাগে । এই কথা ভাবিয়ে যশৰ দেউতাকে তেওঁক জলন্ধাৰৰ পৰা মুম্বাইলৈ পঠিয়াই দিছিল, যাতে তেওঁ মুম্বাইৰ পৰা পাছপ’ৰ্ট লৈ ইংলেণ্ডলৈ গৈ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী ল’ব পাৰে । পিতৃৰ কথা মতেই যশো মুম্বাইলৈ ৰাওনা হৈছিল ৷ অৱশ্যে মুম্বাইলৈ গৈছিল ঠিকেই কিন্তু অভিযন্তা হ’বলৈ তেওঁৰ একেবাৰে মন নাছিল ৷