অসম

assam

ETV Bharat / entertainment

কন্যাৰ সৈতে আহমেদাবাদত উপস্থিত অনুষ্কা শৰ্মা, ছাৰা টেণ্ডুলকাৰকো দেখা গ’ল আহমেদাবাদত - বিশ্বকাপ ২০২৩ৰ ফাইনেল

World cup 2023 Final: বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ আহমেদাবাদত উপস্থিত হৈছে । ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত অভিনেত্ৰীগৰাকীক ব্যক্তিগত বিমানৰ পৰা ওলাই অহা দেখা গৈছে ।

World Cup 2023 final: Anushka Sharma ready to cheer her husband Virat Kohli, Team India in Ahmedabad
কন্যাৰ সৈতে আহমেদাবাদত উপস্থিত অনুষ্কা শৰ্মা

By ANI

Published : Nov 19, 2023, 1:53 PM IST

চিটাৰা ডেস্ক, 19 নৱেম্বৰ :অৱশেষত আহিল সেই মুহূৰ্ত, যাৰ বাবে সমগ্ৰ দেশে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । 19 নৱেম্বৰত অৰ্থাৎ আজি আহমেদাবাদত অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপ 2023 ৰ চূড়ান্ত খেল । আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ খেলপথাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।

কন্যাৰ সৈতে আহমেদাবাদত উপস্থিত অনুষ্কা শৰ্মা

একে সময়তে এই মেচখন চাবলৈ আহমেদাবাদত সোঁত বৈছে বলীউডৰ তাৰকাৰ । কিছু সময় পূৰ্বে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক আহমেদাবাদলৈ ৰাওনা হোৱা দেখা গৈছিল । এতিয়া বিৰাট কোহলীৰ পত্নী বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাও টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ আহমেদাবাদত উপস্থিত হৈছে ।

ব্যক্তিগত বিমানেৰে আহমেদাবাদত উপস্থিত হৈছে অভিনেত্ৰীগৰাকী

ছ’চিয়েল মিডিয়াত অনুষ্কাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত অভিনেত্ৰীগৰাকীক ব্যক্তিগত বিমানৰ পৰা ওলাই অহা দেখা গৈছে । ভিডিঅ’টোত তেওঁৰ কন্যা বামিকা কোহলীকো তেওঁৰ সৈতে দেখা গৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ইউজাৰে লিখিছে, অনুষ্কা শৰ্মাই ফাইনেল মেচৰ বাবে বামিকাক লৈ আহমেদাবাদত উপস্থিত হৈছে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীক বগা ৰঙৰ ছালৱাৰ চুট পৰিধান কৰা দেখা গৈছে ।

অনুষ্কাৰ পূৰ্বে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰেও আহমেদাবাদত উপস্থিত হৈছে । ছ’চিয়েল মিডিয়াত তেওঁৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁক বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছে ।

উৰ্বশী ৰাউটেলাইও মেচ চাবলৈ আহমেদাবাদত উপস্থিত হৈছে । বিমানবন্দৰত দেখা গ’ল অভিনেত্ৰীগৰাকীৰ মেচখনক লৈ উচাহ । উৰ্বশীয়ে কয় যে মই অতিশয় উৎসাহিত আৰু মই জানো যে টিম ইণ্ডিয়াই নিশ্চিতভাৱে ট্ৰফী লৈ আহিব ।

লগতে পঢ়ক:টিম ইণ্ডিয়াৰ জাৰ্চি পিন্ধি আহমেদাবাদলৈ ৰাওনা হ’ল দীপিকা-ৰণবীৰ

ABOUT THE AUTHOR

...view details