চিটাৰা ডেস্ক, 22 নৱেম্বৰ:বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী ভূমি পেডনেকাৰ । এতিয়ালৈকে বহু ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিছে ভূমিয়ে । শেহতীয়াকৈ মুক্তি পাইছিল অভিনেত্ৰীগৰাকীৰ অভিনীত ছবি Thank You for Coming ৷ ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীৰ সন্দৰ্ভত আহিছে এটা বেয়া খবৰ ৷ হঠাৎ অসুস্থ হৈ পৰিছে ভূমি ৷ আচলতে অভিনেত্ৰীগৰাকী ডেংগু ৰোগত আক্ৰান্ত হৈছে । বুধবাৰে পুৱা ভূমিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই তথ্য শ্বেয়াৰ কৰিছে ৷ লগতে ক্ৰমাৎ বৃদ্ধি পোৱা ডেংগু ৰোগীৰ পৰিপ্ৰেক্ষিতত অনুৰাগীক সাৱধান হ’বলৈও আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ।
ডেংগু ৰোগত আক্ৰান্ত ভূমি পেডনেকাৰ
বুধবাৰে পুৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত হাস্পতালৰ বিচনাৰ পৰা কিছু চেলফি শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে । ফটোসমূহ পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “এটা ডেংগু মহে মোক ৮ দিন ধৰি প্ৰচণ্ড অত্যাচাৰ কৰিছিল । কিন্তু আজি যেতিয়া সাৰ পাইছো মোৰ ‘Wow’ যেন লাগিল, গতিকে চেলফি এখন তুলিলো ।"