চিটাৰা ডেস্ক, 6 এপ্ৰিল: বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰী পৰিণীতি চোপ্ৰা সম্প্ৰতি নিজৰ ব্যক্তিগত জীৱনক লৈ লাইমলাইটত আছে । যোৱা কিছুদিনৰ পৰা পৰিণীতিৰ নাম সাঙোৰ খাইছে দেশৰ জনপ্ৰিয় আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে (Raghav Chadha wedding)। পৰিণীতি আৰু ৰাঘৱক দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণৰ ডেটত দেখা পোৱাৰ পিচৰে পৰা তেওঁলোকৰ বিবাহ সম্পৰ্কীয় আলোচনা পূৰ্ণগতিত চলি আছে (Parineeti Chopra and Raghav Chadha)।
উল্লেখ্য যে, আপ নেতা সঞ্জীৱ অৰোৰা আৰু পৰিণীতি চোপ্ৰাৰ সহ অভিনেতা হাৰ্ডি সান্ধুৱে পৰিণীতিৰ পৰিণীতি আৰু ৰাঘৱৰ বিবাহৰ খবৰ নিশ্চিত কৰিছে (Parineeti Chopra) ৷ এই বিশেষ খবৰৰ মাজতে আজি আমি পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ জীৱনৰ নজনা কথাৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰিম ৷ আপুনি জানেনে ৰাঘৱ চাড্ডাতকৈ ১০ গুণ বেছি উপাৰ্জন কৰা পৰিণীতি চোপ্ৰাই ? তথাপিও কিয় ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে পৰিণীতিয়ে ? এই সকলোবোৰ কম এই প্ৰতিবেদনত ৷
পৰিণীতিয়ে ক’ত লগ পাইছিল ৰাঘৱক ?
২০২৩ চনৰ জানুৱাৰী মাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক একেলগে প্ৰদান কৰা হৈছিল ‘ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছ’ । এই বঁটা প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় ব্যক্তিক প্ৰদান কৰা হৈছিল ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, কথিত প্ৰেমিক-প্ৰেমিকাই লণ্ডন স্কুল অৱ ইকনমিক্সত একেলগে অধ্যয়ন কৰিছিল । যদিও সেই সময়ত দুয়োগৰাকীয়ে ভাল বন্ধু আছিল । পৰিণীতি এখন ছবিৰ শ্বুটিঙৰ বাবে পঞ্জাৱলৈ গৈছিল, য’ত বহুদিন পিচত ৰাঘৱক লগ পাইছিল । ইয়াৰ পৰাই দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয় (Raghav Chadha)। যোৱা ৬ মাহ ধৰি এই দম্পতীটোৰ সম্পৰ্কত থকা বুলি কোৱা হৈছে ।
পৰিণীতি-ৰাঘৱৰ জন্মস্থান
প্ৰিয়ংকা চোপ্ৰাৰ ভনীয়েক পৰিণীতিৰ জন্ম হৈছিল 1988 চনৰ ২২ অক্টোবৰত হাৰিয়ানাৰ আম্বালাত । পৰিণীতিৰ বয়স বৰ্তমান ৩৪ বছৰ আৰু ৰাঘৱতকৈ পৰি ডাঙৰ । আনহাতে নেতা ৰাঘৱ ১৯৮৮ চনৰ ১১ নৱেম্বৰত ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰিছিল । দুয়োৰে বয়স ৩৪-৩৪ বছৰ যদিও পৰিণীতি ৰাঘৱতকৈ ২০ দিনৰ ডাঙৰ (Parineeti Chopra and Raghav Chadha wedding) ।
পৰিণীতি-ৰাঘৱৰ শৈক্ষিক প্ৰফাইল?
পৰিণীতি আৰু ৰাঘৱ দুয়োগৰাকীয়ে পঢ়া-শুনাত স্মাৰ্ট আৰু বুদ্ধিমান । দিল্লীৰ মডাৰ্ণ স্কুলত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত ৰাঘৱে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াৰ পৰা চাৰ্টাৰ্ড একাউণ্টেন্সি অধ্যয়ন কৰে । ইয়াৰ পিচত ৰাঘৱে কিছুমান কোম্পানীত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপেও কাম কৰিছিল । কোৱা হয় যে, তেওঁ এতিয়াও ইয়াৰ ওপৰত অধ্যয়ন কৰি আছে ।
আনহাতে, পৰিণীতি চোপ্ৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিচত পৰিণীতিয়ে মানচেষ্টাৰ বিজনেছ স্কুলৰ পৰা বিজনেছ, ফাইনেন্স আৰু ইকনমিক্সত অনাৰ্ছ ডিগ্ৰী গ্ৰহণ কৰিছে । ২০০৯ চনত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ভাৰতলৈ উভতি অহাৰ পিচত যশ ৰাজ ফিল্মছ প্ৰডাকচন কোম্পানীত জনসংযোগ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে অভিনেত্ৰীগৰাকী (Parineeti Chopra wedding) ।