অসম

assam

ETV Bharat / entertainment

ফাইটাৰত দেখা পোৱা খলনায়কজন কোন জানেনে ? - The Villain Opposite Hrithik

Fighter Villain: বহু অপেক্ষাৰ অন্তত আজি মুক্তি পালে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফাইটাৰ’ৰ ট্ৰেইলাৰ । ইয়াৰ লগে লগে ট্ৰেইলাৰত দেখা খলনায়কজনৰ বিষয়ে সকলোৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে । জানো আহক ছবিখনত দেখা খলনায়কজন কোন ?

Who Is Fighter film Villain Rishabh Sawhney
ফাইটাৰত দেখা পোৱা খলনায়কৰ সবিশেষ

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:19 PM IST

চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: আজি মুক্তি পালে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত বহু প্ৰত্যাশিত ছবি ফাইটাৰৰ ট্ৰেইলাৰ । ট্ৰেইলাৰ মুক্তিৰ লগে লগে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অৱশ্যে ফাইটাৰৰ ট্ৰেইলাৰ মুকলি পোৱাৰ পিচতে এগৰাকী অভিনেতাৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ আপুনি হয়তো ভাবিছে সেয়া হয়তো অভিনেতা হৃত্বিক ৰোশন নহ’লে দীপিকা পাডুকন ৷ কিন্তু নহয়, ছবিখনৰ খলনায়কগৰাকীয়ে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছিল । হৃত্বিক ৰোশন আৰু খলনায়কৰ যুঁজৰ দৃশ্যটোও ফাইটাৰৰ ট্ৰেইলাৰত অন্তৰ্ভুক্ত কৰা হৈছে । ছবিখনত নায়ক আৰু খলনায়কৰ মাজত সমান প্ৰতিযোগিতা দেখা গৈছে।

ফাইটাৰত অভিনয় কৰা খলনায়ক জন কোন ?

ফাইটাৰৰ খলনায়কৰ চৰিত্ৰত দেখা অভিনেতাজনৰ নাম ঋষভ চাহানী । এইখন তেওঁৰ প্ৰথম ছবি । ফাইটাৰৰ পূৰ্বে ঋষভ চাহানীয়ে বহু ৱেব ছিৰিজত অভিনয় কৰিছে । ঋষভ চাহানীয়ে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত তেওঁ থিয়েটাৰ কৰিছিল আৰু এতিয়া তেওঁ বলীউৰ যাত্ৰা আৰম্ভ কৰিছে । হট ষ্টাৰৰ ৱেব ছিৰিজ দ্য এম্পায়াৰৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল অভিনেতাগৰাকীয়ে । এই ধাৰাবাহিকখনত তেওঁ বাবৰ (কুনাল কাপুৰ)ৰ ভাতৃ মেহমুদৰ চৰিত্ৰত অভিনয় কৰিছিল । ‘দ্য এম্পায়াৰ’ৰ ঋষভ চাহানীয়ে আমাজন প্ৰাইম ভিডিঅ’ৰ ৱেব ছিৰিজ বেষ্টচেলাৰতো অভিনয় কৰিছে ।

ছবিখনৰ ট্ৰেইলাৰ কেনেকুৱা ?

উজ্জ্বল চিত্ৰনাট্য আৰু হৃত্বিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰৰ জোৰদাৰ অভিনয়ৰে ‘ফাইটাৰ’ৰ ট্ৰেইলাৰে দৰ্শকক ভাৰতীয় বায়ুসেনাৰ বিশেষ ইউনিট - এয়াৰ ড্ৰেগনছৰ সৈতে এক মহাকাব্যিক যাত্ৰাত লৈ যায় । স্কোৱাডৰ সদস্যসকলে বিপদৰ সন্মুখীন হয় আৰু আকাশ আৰু দেশক সুৰক্ষিত কৰাৰ বাবে অভিযানত নামি পৰে । এই নায়কসকলৰ বন্ধুত্ব, সাহস আৰু ত্যাগক ট্ৰেইলাৰত সুন্দৰভাৱে প্ৰদৰ্শন কৰা হৈছে, যাৰ ফলত ‘ফাইটাৰ’ সকলো প্ৰজন্মৰ বাবে চাবলগীয়া ছবি হিচাপে পৰিগণিত হ’ব । পুলৱামা আক্ৰমণৰ আভাস ট্ৰেইলাৰত দেখা পোৱা গৈছে ।

অহা ২৫ জানুৱাৰীত মুক্তি পাব ছবিখন

২০২৪ চনৰ ২৫ জানুৱাৰীৰ সন্ধিয়া ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ছবিগৃহত মুক্তি পাব ‘ফাইটাৰ’। বায়ুসেনাৰ সাহস, ত্যাগ আৰু বিজয়ৰ যাত্ৰা চাবলৈ সাজু হওক।

লগতে পঢ়ক:দীপিকা-হৃত্বিকৰ ফাইটাৰৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details