অসম

assam

ETV Bharat / entertainment

Oppenheimer: অপেনহাইমাৰক ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল নেহৰুৱে, কিন্তু কিয় অপেনহাইমাৰে নাকচ কৰিছিল এই প্ৰস্তাৱ ? - পাৰমাণৱিক বোমাৰ পিতৃ

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক বোমাৰ পিতৃ জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰক কিয় ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল আৰু অপেনহাইমাৰে কিয় মানি লোৱা নাছিল এই প্ৰস্তাৱ ? জানক এই প্ৰতিবেদনত ৷

What JR Oppenheimer did when Jawaharlal Nehru asked him to become an Indian citizen? Read here
নেহৰুৱে পাৰমাণৱিক বোমাৰ পিতৃ জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰক কিয় ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল

By

Published : Jul 25, 2023, 3:27 PM IST

চিটাৰা ডেস্ক, 25 জুলাই: হলিউডৰ পৰিচালক ক্রিষ্টোফাৰ নোলানৰ সম্প্রতি মুক্তি পোৱা ছবি অপেনহাইমাৰক লৈ বিশ্বজুৰি চৰ্চা চলিছে ৷ কাৰণ এই ছবিখন অন্য সকলো ছবিতকৈ পৃথক ৷ কিয়নো ছবিখন আমেৰিকান বিজ্ঞানী ৰবাৰ্ট জে অপেনহাইমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত । অপেনহাইমাৰক পৰমাণু বোমাৰ পিতৃ বুলি কোৱা হয় । অপেনহাইমাৰৰ ছবিখনে ভাৰতৰ বক্স অফিচত ভাল ফলাফল দেখুৱাইছে যদিও ভাৰতত এই ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্কৰো ৷ অভিনেতা চিলিয়ান মাৰ্ফীয়ে এক অন্তৰংগ দৃশ্যৰ সময়ত ভাগৱতৰ এটা পদ্য আবৃত্তি কৰা দেখা গৈছে। ইয়াকে লৈ ভাৰতত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে বৈজ্ঞানিক অপেনহাইমাৰ আৰু স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মাজত এক সংযোগৰ সন্ধান পোৱা গৈছে ৷

শেহতীয়াকৈ অপেনহাইমাৰৰ আধাৰত প্ৰকাশিত এখন গ্ৰন্থত দাবী কৰা হৈছে যে জৱাহৰলাল নেহৰুৱে অপেনহাইমাৰক ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল। 'হোমি জে ভাভা - এ লাইফ' ​​নামৰ গ্ৰন্থখনৰ লেখক বিখ্যাত ভাৰতীয়-পাৰ্চী সাহিত্যিক বখতিয়াৰৰ দাদাভাই । এই গ্ৰন্থখন ভাৰতীয় বিজ্ঞানী হোমী জাহাংগীৰ ভাভাৰ জীৱনৰ ওপৰত ৰচিত ।

কিতাপখনৰ মতে অপেনহাইমাৰ আৰু ভাভা বন্ধু আছিল । কিতাপখনত উল্লেখ আছে যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিচত (১৯৪৫) অপেনহাইমাৰ আৰু ভাভাৰ লগ হৈছিল, তাৰ পিচত দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল, কিন্তু এয়া আচৰিত কথা নহয়, কিয়নো অপেনহাইমাৰ আৰু ভাভা দুয়োগৰাকীয়েই গণ্যমান্য ব্যক্তি আছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে অপেনহাইমাৰে লেটিন আৰু গ্ৰীক ভাষাৰ লগতে সংস্কৃত ভাষাও অধ্যয়ন কৰিছিল ।

অপেনহাইমাৰক কিয় নেহৰুৱে নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল ?

উল্লেখ্য যে, অপেনহাইমাৰে নিৰ্মাণ কৰা পৰমাণু বোমাৰ বিস্ফোৰণে জাপানৰ দুখন চহৰ হিৰোচিমা আৰু নাগাছাকিক ক্ষন্তেকতে ধ্বংস কৰি পেলাইছিল, যাৰ ফলত অপেনহাইমাৰ এনেধৰণৰ কাম দ্বিতীয়বাৰ নকৰে বুলি সিদ্ধান্ত লয় ৷ ইয়াৰ পিচত সেই সময়ৰ আমেৰিকা চৰকাৰে অপেনহাইমাৰে ৰাছিয়াক পাৰমাণৱিক বোমাৰ গোপনীয়তা দিয়াৰ সন্দেহ কৰিছিল আৰু যাৰ বাবে তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দি তেওঁৰ সকলো ক্ষমতা আৰু কৰ্তৃত্ব কাঢ়ি নিছিল চৰকাৰে । ইয়াৰ পিচত নেহৰুৱে অপেনহাইমাৰক ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিয়ে । কিতাপখনৰ মতে, নেহৰুৱে কৈছিল যে ইচ্ছা কৰিলে অপেনহাইমাৰ ভাৰতলৈ আহিব পাৰে ।

নেহৰুৰ এই প্ৰস্তাৱত অপেনহাইমাৰৰ মুকলি প্ৰতিক্ৰিয়া

একে সময়তে সেই সময়ত অপেনহাইমাৰৰ বাবে এক অতি জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিল । যদি তেওঁ নেহৰুৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেহেঁতেন তেন্তে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতক বুলি অভিযোগ উঠিলহেঁতেন, গতিকে অপেনহাইমাৰে নেহৰুৰ নাগৰিকত্বৰ প্ৰস্তাৱ বহু চিন্তা কৰি নাকচ কৰিবলগীয়া হৈছিল ।

একে সময়তে ‘ট্ৰেজেডী অৱ জে ৰবাৰ্ট অপেনহাইমাৰ’ নামৰ গ্ৰন্থখনৰ লেখক কাই বাৰ্ডে এক সাক্ষাৎকাৰত কৈছে যে অপেনহাইমাৰ এজন ভদ্ৰলোক আছিল আৰু তেওঁ নিজৰ দেশ (আমেৰিকা)ক অতিশয় ভাল পাইছিল আৰু এজন দেশপ্ৰেমিক আছিল, যাৰ বাবে তেওঁ নেহৰুৰ প্ৰস্তাৱ নাকচ কৰিছিল।

লগতে পঢ়ক:Maithili Thakur Birthday: চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ সংগীতৰ যাত্ৰা; ছয়বাৰ বিফল; অৱশেষত সফলতাৰ শীৰ্ষত

ABOUT THE AUTHOR

...view details