চিটাৰা ডেস্ক, 6 জুলাই : অভিনেত্ৰী তামান্না ভাটিয়াই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভয়টো প্ৰকাশ কৰিছে । বৰ্তমানে মুম্বাইত শ্বুটিং কৰি থকা অভিনেত্ৰীগৰাকীয়ে (Tamannaah Bhatia latest updates) মঙলবাৰে তেওঁৰ শ্বুটিং স্থলীত উপস্থিত হ'বলৈ অপেক্ষা কৰি থকাৰ সময়ত টুইটাৰত অনুৰাগীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লয় ।
অনুৰাগীসকলৰ সৈতে অভিনেত্ৰীগৰাকীয়ে আৰম্ভ কৰে এটা প্ৰশ্ন-উত্তৰ চেছন (Tamannaah Bhatia news) ৷ অনুৰাগীৰে সৈতে এই বাৰ্তালাপৰ সময়ত তেওঁৰ আটাইতকৈ ডাঙৰ ভয়টো কি সেই বিষয়ে তেওঁক এটা প্ৰশ্ন সোধা হৈছিল । তামান্নাই উত্তৰত কয় এইদৰে, "মোৰ স্মৃতি শক্তি হেৰুৱাই দিয়া... হেই, এইটো ভাবিয়েই ভয়ানক যেন লাগিছে" ।
তামান্নাই লগতে তামিল চলচ্চিত্ৰ ধৰ্মদুৰাইৰ পৰা শুভাশিনী আৰু বাহুবলীৰ অৱন্তিকা এই চৰিত্ৰ দুটা তেওঁ এতিয়ালৈকে অভিনয় কৰা চৰিত্ৰ সমূহৰ ভিতৰত আটাইতকৈ বিশেষ চৰিত্ৰ হিচাপে বাছনি কৰে ।