অসম

assam

ETV Bharat / entertainment

Sara-Kareena Relation: মাহীমাক কৰীণা কাপুৰক কি বুলি গণ্য কৰে ছাৰা আলী খানে ? তেওঁলোকৰ মাজৰ সম্পৰ্ক কেনেকুৱা - sara ali khan brother

ছাৰা আলী খান আৰু মাহীমাক কৰীণা কাপুৰৰ মাজত কি সম্পৰ্ক আছে সেয়া জানিবলৈ আগ্ৰহী অনুৰাগীসকল । ছাৰাই বহুবাৰ কৈছে যে কৰীণাক তেওঁ মাক বুলি নাভাবে । দুয়োৰে সম্পৰ্ক কেনেকুৱা হৈছে জানো আহক ৷

Sara-Kareena Relation
মাহীমাক কৰীণা কাপুৰক কি বুলি গণ্য কৰে ছাৰা আলী খানে

By

Published : Aug 12, 2023, 5:38 PM IST

বলীউডৰ অভিনেতা ছৈফ আলী খানৰ দ্বিতীয় গৰাকী পত্নী কৰীণা কাপুৰ আৰু কন্যা ছাৰা আলী খানৰ মাজত মাত্ৰ ১৩ বছৰৰ পাৰ্থক্য আছে । ছাৰা আৰু কৰীণাৰ সম্পৰ্কক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হৈছে যদিও ছৈফ-কৰীণাৰ বিবাহক লৈ ছাৰা আলী খান সুখী আছিল । ছাৰাই বহুবাৰ কৈছে যে তেওঁৰ মাহীমাক কৰীণা কাপুৰক তেওঁ মাতৃ বুলি গণ্য নকৰে, তেওঁৰ এগৰাকী মৰমিয়াল মাতৃ আছে । এনে পৰিস্থিতিত সকলোৱে জানিব বিচাৰে চাৰা আৰু কৰীণাৰ সম্পৰ্ক কেনেকুৱা জানো আহক...

মাহীমাক কৰীণা কাপুৰক কি বুলি গণ্য কৰে ছাৰা আলী খানে

ছাৰা আলী খান আৰু কৰীণাৰ সম্পৰ্ক

ছাৰা আলী খান আৰু কৰীণা কাপুৰৰ মাজত আছে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক । আনকি ছাৰায়ো কৰীণা কাপুৰক মাতৃ বুলি কেতিয়াও কোৱা নাই । ছাৰাই এটি সাক্ষাৎকাৰৰ সময়ত কৈছিল যে, তেওঁৰ এগৰাকী মৰমীয়াল মাতৃ আছে আৰু আনকি ছৈফেও নিবিচাৰে যে ছাৰাই কৰীণা কাপুৰক সৰু মাতৃ বুলি কওঁক । ছাৰাই কৰীণাক হয় তেওঁৰ নামেৰে মাতে নহয় K বুলি সম্বোধন কৰে ।

ইব্ৰাহিম আলীৰ সৈতে কৰীণাৰ সম্পৰ্ক কেনেকুৱা ?

কেৱল ছাৰাই নহয়, কৰীণা কাপুৰৰ ছৈফৰ পুত্ৰ ইব্ৰাহিম আলীৰ সৈতেও ভাল সম্পৰ্ক আছে । শেহতীয়াকৈ কৰণ জোহৰে এক সাক্ষাৎকাৰত কয় যে, ইব্ৰাহিমে ৰকি আৰু ৰাণীৰ চেটত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰীণাৰ সৈতে কথা পতা দেখা গৈছিল । এতিয়া আপুনি অনুমান পাৰিব যে মাহীমাক কৰীণাৰ সৈতে ছাৰা আৰু ইব্ৰাহিমৰ কেনেধৰণৰ সম্পৰ্ক আছে ।

কৰীণাৰ সৈতে ভাল সম্পৰ্ক

ছাৰা আলী খান প্ৰায়ে ছৈফৰ ঘৰলৈ যায় । টাইমুৰৰ জন্মদিনেই হওক বা জেহৰ পাৰ্টিয়েই হওক, ছাৰা সকলোতে উপস্থিত থাকে । ছাৰা আৰু ইব্ৰাহিমক প্ৰায়ে দেউতাক ছৈফৰ সৈতে ফূৰ্তি কৰা দেখা যায় । কৰীণাইও তেওঁলোকৰ ব্যক্তিগত সম্পৰ্কৰ সম্পূৰ্ণ গুৰুত্ব দিয়ে যে তেওঁলোকৰ মাজৰ বান্ধোন আৰু শক্তিশালী হয় ।

কিয় ছাৰা আৰু ইব্ৰাহিম ছৈফৰ ঘৰত নাথাকে

জনাই দিও যে ছৈফ আলী খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ সৈতে দুটি সন্তান ছাৰা আলী আৰু ইব্ৰাহিম । ২০০৪ চনত ছৈফ আৰু অমৃতাৰ মাজত বিবাহ বিচ্ছেদ হৈছিল । বিবাহ বিচ্ছেদৰ পিছত ছাৰা আৰু ভাতৃ ইব্ৰাহিমে মাতৃ অমৃতাৰ সৈতে থাকিবলৈ আৰম্ভ কৰে । ২০১২ চনত ছৈফ আৰু কৰীণাৰ বিবাহ হয় । যদিও ছাৰা আৰু ইব্ৰাহিমক প্ৰায়ে পিতৃ ছৈফৰ সৈতেও সুখকৰ সময় কটোৱা দেখা যায় ।

উল্লেখ্য যে, আজি ছাৰা আলী খানৰ সৈতে 28 সংখ্যক জন্মদিন এই উপলক্ষে মাহীমাক কৰীণা কাপুৰে ছ’চিয়েল মিডিয়াযোগে এখন অতি মৰমলগা ফটোৰ সৈতে ছাৰাক জন্মদিনৰ শুভেচ্ছা জনায় ৷

মাহীমাক কৰীণা কাপুৰক কি বুলি গণ্য কৰে ছাৰা আলী খানে

লগতে পঢ়ক:Miss Universe: আপুনিও মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন পুহি ৰাখিছে নেকি ? তেন্তে ইয়াৰ বাবে কি কৰিব লাগে জানি লওক

ABOUT THE AUTHOR

...view details