অসম

assam

ETV Bharat / entertainment

Kangana Ranaut: বিমানত হঠাৎ কাক লগ পালে কংগনাই ?

কংগনা ৰানাৱটৰ ছবি তেজস শীঘ্ৰে মুক্তি পাব ছবিগৃহত ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ ছবিখনৰ প্ৰচাৰ জোৰদাৰভাৱে চলোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে অজিত ডোভালক লগ পালে অভিনেত্ৰীগৰাকীয়ে ৷

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:46 PM IST

'What a generous stroke of luck': Kangana Ranaut gushes over chance meeting NSA Ajit Doval on flight
অজিত ডোভালক লগ পালে কংগনাই

চিটাৰা ডেস্ক, 24 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘তেজস’ৰ প্ৰচাৰত । ছবিখনৰ ট্ৰেইলাৰটো দৰ্শকে ভাল পাইছে, এতিয়া দৰ্শকে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ইয়াৰ মাজতে এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই সাক্ষাৎকাৰৰ আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

অজিত ডোভালক লগ পালে কংগনা ৰানাৱটে

দৰাচলতে কংগনাই নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে বহু ঠাইত ভ্ৰমণ কৰিবলগীয়া হৈছিল । ভ্ৰমণৰ সময়তে হঠাৎ অভিনেত্ৰীগৰাকীয়ে বিমানত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক লগ পায় । এনে পৰিস্থিতিত কংগনাই অজিত ডোভালৰ সৈতে কিছু চেলফি ক্লিক কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।

কংগনা ৰানাৱটৰ পোষ্ট

ছবিকেইখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, "কি যে ভাগ্যৰ খেলা, আজি পুৱা মই বিমানত শ্ৰী অজিত দোভাল জীৰ কাষত বহিবলৈ সুযোগ পালোঁ, তেজস (আমাৰ সৈনিকৰ বাবে উৎসৰ্গিত এখন ছবি)ৰ প্ৰচাৰৰ সময়ত, মই এনেকুৱা এজনক লগ পোৱাৰ সুযোগ পাইছিলোঁ যিজন প্ৰতিজন সৈনিকৰ বাবে প্ৰেৰণা, মই ইয়াক এক শুভ চিন বুলি গণ্য কৰোঁ, জয় হিন্দ ।"

কেতিয়া মুক্তি লাভ কৰিব কংগনাৰ ছবি ‘তেজস’ ?

উল্লেখ্য যে এই ছবিখনত কংগনাই এজন ভাৰতীয় সৈনিকৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ছবিখনত তেওঁ বায়ুসেনাৰ পাইলট তেজস গিলৰ চৰিত্ৰত অভিনয় কৰিছে। দৰ্শকৰ লগতে কংগনাও ছবিখনক লৈ অতিশয় উৎসাহিত হৈ পৰিছে। সৰ্বেশ মেৱাদাৰে লেখা আৰু প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিছে ৰনি স্ক্ৰুভালাই । ২০২৩ চনৰ ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন ।

লগতে পঢ়ক:Shahid Kapoor: দশেৰা উপলক্ষে ঘোষণা শ্বাহিদ কাপুৰৰ নতুন ছবি

ABOUT THE AUTHOR

...view details