চিটাৰা ডেস্ক, 12 মাৰ্চ: বিশেষ বিবাহ আইনৰ অধীনত আদালতত শেহতীয়াকৈ বিবাহ সম্পন্ন কৰিছিল বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু ৰাজনীতিবিদ স্বামী ফাহাদ আহমেদে (Swara Bhasker and Fahad Ahmad) ৷ আদালতত বিবাহ পঞ্জীয়ন কৰাৰ পিচত বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু তেওঁৰ ৰাজনীতিবিদ স্বামী ফাহাদ আহমেদ এইবাৰ সাজু হৈছে ডাঙৰ ভাৰতীয় বিবাহৰ বাবে । ডেষ্টিনেচন বিবাহ বাদ দি স্বৰাই নিজৰ বিশেষ মুহূৰ্তটো উদযাপন কৰিব মাতৃৰ ফালৰ পৰা ককা-আইতাকৰ দিল্লীৰ বাসগৃহত। অৰ্থাৎ ককা-আইতাকৰ দিল্লীৰ বাসগৃহতে অনুষ্ঠিত হ’ব স্বৰা আৰু ফাহাদৰ বিবাহৰ প্ৰত্যেকটো অনুষ্ঠান ৷
বিবাহ অনুষ্ঠানৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিবাহ স্থানত উপস্থিত হৈছে দুয়োপক্ষৰ পৰিয়াল । বিয়াখন পৰম্পৰাগত অনুষ্ঠিত কৰিবলৈ উৎসাহিত স্বৰা ৷ ইতিমধ্যেই দিল্লীৰ বিবাহ অনুষ্ঠানৰ কেইবাটাও ভিডিঅ’ আৰু কেইবাখনো ফটো স্বৰাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে । আনকি এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে সংগীতৰ ব্যৱস্থাৰ তদাৰক কৰাও দেখা গৈছিল ৷ সংগীতৰ পূৰ্বে স্বৰা আৰু ফাহাদে বন্ধু-বান্ধৱীৰ সৈতে কিছুমান দেশী গীতত নৃত্য কৰাও পৰিলক্ষিত হৈছে (Swara Bhaskers wedding celebrations) ৷