চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ মুক্তিৰ পূৰ্বেই অনুৰাগীৰ মাজত ছবিখনক লৈ ব্যাপক উচাহ দেখা গৈছে । ২১ ডিচেম্বৰত বিশ্বজুৰি ছবিগৃহ মুক্তি পাব ডাংকিয়ে ৷ আৰম্ভ হৈছে ছবিখনৰ অগ্ৰিম বুকিং ৷ অগ্ৰিম বুকিং আৰম্ভ হোৱাৰ পিচৰে পৰা পূৰ্ণগতিত চলি আছে টিকট বুকিং । দেশৰ ভিন্ন প্ৰান্তত ছবিখনক লৈ ব্যাপক উচাহ পৰিলক্ষিত হৈছে ৷
ইয়াৰ মাজতে পাঞ্জাবী পটভূমিৰ ওপৰত আধাৰিত ছবি ডাংকিয়ে চণ্ডীগড়ত শ্বাহৰুখ খানৰ অনুৰাগীৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । শেহতীয়াকৈ চণ্ডীগড়ৰ অনুৰাগীয়ে ব্যতিক্ৰমীভাৱে ছবিগৃহলৈ টিকট বুক কৰিবলৈ আহে ৷ দৰাচলতে চণ্ডীগড়ৰ অনুৰাগীয়ে ট্ৰেক্টৰত উঠি ঢোল বজাই শ্বাহৰুখ খানৰ ছবি ডাংকিৰ বাবে জলন্ধৰত প্ৰথম দিনৰ প্ৰথম শ্ব’ বুক কৰিবলৈ ছবিগৃহত উপস্থিত হয় ।
শ্বাহৰুখ খানৰ ফেন ক্লাবে X একাউন্টত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত দেখা পোৱা গৈছে কিং খানৰ অনুৰাগীৰ মাজত ব্যাপক উচাহ । বহু অনুৰাগীয়ে পাঞ্জাবী সাজ-পোছাক পৰিধান কৰি ঢোলৰ তালে তালে নৃত্য পৰিৱেশন কৰিছে, আন একাংশই আকৌ গুৰুদ্বাৰাত ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে । ইয়াৰ পিচত শ্বাহৰুখ খানৰ অনুৰাগীয়ে প্ৰথম দিনাৰ প্ৰথম শ্ব’ৰ টিকটৰ বাবে জলন্ধৰৰ ধিলন প্লাজাৰ বাহিৰত উপস্থিত হয় । কিন্তু অনুৰাগীসকল ছবিগৃহত বাহনত বা খোজ কাঢ়ি অহা নাই, ট্ৰেক্টৰেৰে ছবিগৃহলৈ আহে অনুৰাগী । অনুৰাগীৰ এনে ব্যতিক্ৰমী কাৰ্যৰ পৰা ক’ব পাৰি যে এই ছবিখনক অনুৰাগীয়ে যথেষ্ট মৰম দিব ৷ অৱশ্যে সেয়া মুক্তিৰ পাচত হে লক্ষণীয় হ’ব ৷