চিটাৰা ডেস্ক, 27 নৱেম্বৰ: ২৬ নৱেম্বৰ, অৰ্থাৎ এটা ক’লা দিন, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে দুঃস্বপ্নতকৈ কম নাছিল । এই দিনটোতেই সন্ত্ৰাসবাদীয়ে মুম্বাইত আক্ৰমণ কৰিছিল, য’ত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল । এই আক্ৰমণৰ ১৫ বছৰ পাৰ হ’ল ।
২৬/১১ৰ আক্ৰমণত শ্বহীদ হোৱা বীৰসকলক শ্ৰদ্ধাঞ্জলি শ্বাহৰুখ খানৰ
বলীউডৰ বহু অভিনেতাই ছ’চিয়েল মিডিয়াত ২৬/১১ৰ আক্ৰমণত বলিদান দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে । এতিয়া বলীউডৰ কিং শ্বাহৰুখ খানেও শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাইছে । উল্লেখ্য যে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াত শ্বহীদ জোৱানসকলৰ স্মৃতিত দেওবাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । য’ত অংশগ্ৰহণ কৰিছিল কিং খানেও ।
ইয়াৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, যিটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে । এই ভাইৰেল ভিডিঅ’টোত শ্বাহৰুখ খানে নিজৰ মেনেজাৰ আৰু ছিকিউৰিটি গাৰ্ডৰ সৈতে অনুষ্ঠানটোত উপস্থিত হোৱা দেখা গৈছে । এই সময়চোৱাত কিং খানে সেই স্থানত উপস্থিত থকা বহু মহিলাক নমস্কাৰ জনায় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে । তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।
২৬/১১ ৰ আক্ৰমণ
২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে দক্ষিণ মুম্বাইত সাগৰীয় পথেৰে অনুপ্ৰৱেশ কৰি চহৰখনৰ কেইবাটাও স্থানত আক্ৰমণ চলায় । পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ আক্ৰমণত ১৬৬ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় । ১০ জন সন্ত্ৰাসবাদীৰ সমন্বিত বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ ফলত সমগ্ৰ মুম্বাইত ১৬৬ গৰাকী লোকৰ মৃত্যু হয় । ২০২৩ চনৰ ২৬ নৱেম্বৰত ২০০৮ চনত মুম্বাইত সংঘটিত হোৱা ভয়ানক ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ বছৰ সম্পূৰ্ণ হ’ল ।
লগতে পঢ়ক:হঠাৎ কি হৈছিল নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত ? চাৰিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু, আহত প্ৰায় 60 গৰাকী