চিটাৰা ডেস্ক, 22 মে’: দেওবাৰে আজমেৰৰ চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ পৰিদৰ্শন কৰে অভিনেত্ৰী ছাৰা আলী খানে (Sara Ali Khan) । দৰগাহত অভিনেত্ৰীগৰাকীয়ে আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ৰ সফলতাৰ বাবেও প্ৰাৰ্থনা কৰে । ইফালে আজমেৰত অভিনেত্ৰীগৰাকীৰ আগমনৰ খবৰ পোৱাৰ পাচতে ভিৰ কৰে অনুৰাগীয়ে (Sara Ali Khan visits Ajmer Dargah) । দৰগাহত দোৱা প্ৰাৰ্থনা কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে ‘জাৰা হাটকে জাৰা বাচকে’ৰ ছবিখনৰ সহ-অভিনেতা বিকি কৌশলৰ সৈতে আজমেৰৰ ৰামছাৰ গাঁৱলৈ ৰাওনা হয় ।
১৭০ গৰাকী সদস্য থকা পৰিয়ালক সাক্ষাৎ ছাৰা আৰু বিকিৰ
আজমেৰ জিলাৰ নাছিৰাবাদ মহকুমাৰ ৰামছাৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে গাঁৱৰ ৰাইজে ছাৰা আৰু বিকি কৌশলক আদৰণি জনায় । গাঁৱৰ ৰাইজে বিকি কৌশলক মালা আৰু ৰাজস্থানী চফা পিন্ধাই আদৰণি জনায় ৷ বিকি আৰু ছাৰা ৰামছাৰ গাঁৱত লগ কৰিবলৈ যোৱা পৰিয়ালটোত ১৭০ গৰাকী সদস্য আছে (Sara Ali Khan Vicky Kaushal in Rajasthan) ৷
এই পৰিয়ালটোৰ সকলো সদস্য একেলগেই বসবাস কৰে, পৰিয়ালৰ মুৰব্বী ভনৱাৰলাল মালি, যিয়ে পৰিয়ালৰ সকলো সিদ্ধান্ত লয় ৷ ককাদেউতাই ভনৱাৰলালক যৌথ পৰিয়ালত থাকিবলৈ শিকাইছিল । কিন্তু আপুনি হয়তো ভাবিছে এই পৰিয়ালটোৰ সৈতে ছাৰা আলী খান আৰু বিকি কৌশলৰ কি সম্বন্ধ আছে ৷ নহয় জানো ? কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে ছাৰা আলী খান আৰু বিকি কৌশলৰ আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ যৌথ পৰিয়ালৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে (Zara Hatke Zara Bachke) । সেইবাবেই দুয়ো এই পৰিয়ালটোক সাক্ষাৎ কৰে ৷