চিটাৰা ডেস্ক, 22 জুন: ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে সৃষ্টি হৈছে ক্ষোভৰ ৷ অনুৰাগীয়েই হওক বা বলীউডৰ অভিনেতা-অভিনেত্ৰীয়েই হওক, সকলোৱে এই ছবিখনক লৈ প্ৰকাশ কৰিছে ক্ষোভ । আনহাতে, ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ ধাৰাবাহিকখনৰ অভিনেতা আৰু নিৰ্মাতাসকলেও ছবিখনক তীব্ৰ সমালোচনা কৰিছে । ইফালে ‘ৰামায়ণ’ ধাৰাবাহিকখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সুনীল লাহিৰীয়ে ‘আদিপুৰুষ’ ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।
এএনআইক দিয়া এক সাক্ষাৎকাৰত সুনীল লাহিৰীয়ে কয়, "মই এই ছবিখন কোনো ফালৰ পৰা ভাল নাপালোঁ । ছবিখনৰ সন্দৰ্ভত মোৰ কেৱল দুটা বস্তু পছন্দ হৈছে, এটা হৈছে বেকগ্ৰাউণ্ড মিউজিক আৰু আনটো হৈছে চিনেমেট’গ্ৰাফী । বাকী চৰিত্ৰায়নৰ পৰা চিত্ৰায়নলৈকে, একোৱে ভাল নহয় ছবিখনৰ ৷ "
সুনীল লাহিৰীয়ে লগতে কয়, ‘‘মই নাজানো, শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে, যিয়েই আধুনিকীকৰণৰ কথা কয় । যিসকলে এই ছবিখনক আধুনিক ছবি বুলি অভিহিত কৰিছে । কোন দিশৰ পৰা এইখন এখন আধুনিক ছবি ? ছবিখনত চৰিত্ৰবোৰৰ শৰীৰত টেটু কৰা হৈছে, এইবোৰৰ দ্বাৰা আধুনিক কৰি তোলা হৈছে নেকি ? এই ছবিখনৰ পৰা মোৰ বহুত আশা আছিল, কিন্তু . . . . ৷ ’’