চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ:শেহতীয়াকৈ জ’নাছ ব্রাদার্ছৰ কনচার্টত অংশগ্রহণ কৰে গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা ৷ ডজাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত জ’নাছ ব্ৰাদাৰ্ছৰ অনুষ্ঠান উপভোগ কৰাৰ লগতে প্ৰিয়ংকাই কিছু অনুৰাগীৰ সৈতেও মত বিনিময় কৰে । এই সুন্দৰ সন্ধিয়াৰ কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে । কিন্তু ইয়াৰে এটা ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ভিডিঅ’টোত এগৰাকী অনুৰাগীয়ে প্ৰিয়ংকাক কোৱা দেখা গৈছে যে নিক জ’নাছৰ সৈতে প্ৰিয়ংকা বিবাহিত হোৱাৰ বাবে প্ৰিয়ংকাক লৈ তেওঁৰ ঈৰ্ষা ওপজে ।
আচলতে, শ্ব’টোৰ পৰা ভাইৰেল হোৱা ভিডিঅ’টোত এগৰাকী লেডী ফেনে প্ৰিয়ংকাক কোৱা দেখা গৈছে, ‘‘মই আপোনাক ক’ব বিচাৰিছো যে মই সঁচাকৈয়ে ভাবিছিলো যে মই নিক জ’নাছৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ম, কিন্তু মই সুখী যে আপুনি তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ।’’ এই কথা শুনি প্ৰিয়ংকাই হাঁহি হাঁহি উত্তৰ দি কয়, ‘‘মইও সুখী যে মই এই কামটো কৰিলোঁ । এতিয়া এই ভিডিঅ’টোত অনুৰাগীয়ে মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ।’’
শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই এই অনুষ্ঠানৰ কিছু আভাস ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । এই আভাসবোৰত প্ৰিয়ংকা আৰু নিক জ’নাছৰ উপৰিও দৰ্শকেৰে ভৰি থকা এখন ষ্টেডিয়ামৰ আভাস দেখা গৈছে, য’ত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে ৷
অনুৰাগীৰ প্ৰতিক্ৰিয়া