চিটাৰা ডেস্ক, 8 অক্টোবৰ: ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধত আবদ্ধ হৈ থকা বলীউডৰ অভিনেত্ৰী নুশ্বৰট ভাৰুচাৰ সন্দৰ্ভত শেহতীয়াকৈ ইটোৰ পিচত সিটো আপডেট আহিছে ৷ উল্লেখ্য যে, শনিবাৰৰ পৰা চলি আছে দুয়োখন দেশৰ মাজত যুদ্ধ । এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকী যুদ্ধ স্থানত আৱদ্ধ হৈ পৰাত অনুৰাগীয়ে নুশ্বৰট নিৰাপদে দেশলৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰি আছিল ।
অৱশেষত সুকলমে ভাৰতলৈ উভতিল নুশ্বৰট ভাৰুচা
কিছুসময় পূৰ্বে খবৰ আহিছিল যে নুশ্বৰট ভাৰুচাক ভাৰতীয়ে দূতাবাসে বিচাৰি পাইছে আৰু ইজৰাইলৰ পৰা ভাৰতলৈ ৰাওনা হৈছে অভিনেত্ৰীগৰাকী । এতিয়া অৱশেষত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিছে নুশ্বৰট । ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত অভিনেত্ৰীগৰাকীক বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছে । এই ভিডিঅ’টোত নুশ্বৰটক স্তম্ভিত আৰু হতাশ যেন দেখা গৈছে । এই সময়ছোৱাত সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ অভিনেত্ৰীগৰাকীয়ে কেৱল মাথোঁ ক’লে, ‘‘মই এতিয়াই বিচলিত হৈ পৰিছো, মোক ঘৰলৈ যাবলৈ দিয়ক ।’’ অভিনেত্ৰীগৰাকী সংযোগী বিমানেৰে ডুবাই হৈ ভাৰতলৈ আহিছে ।
হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ গৈছিল নুশ্বৰট
উল্লেখ্য যে ‘হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত অংশগ্ৰহণ কৰিবলৈ ইজৰাইললৈ গৈছিল অভিনেত্ৰীগৰাকী । এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল নুশ্বৰট ভাৰুচাৰ ছবি ‘আকেলি’ । কিন্তু ইয়াৰ মাজতে ইজৰাইলত আৰম্ভ হয় যুদ্ধ, যাৰ বাবে নুশ্বৰট সেই স্থানতে আবদ্ধ হৈ পৰে ।
অভিনেত্ৰীগৰাকীৰ দলটোৱে তথ্য প্ৰদান কৰে
এই তথ্য অভিনেত্ৰীগৰাকীৰ দলটোৱে শ্বেয়াৰ কৰিছিল । আচলতে নুশ্বৰটৰ দলটোৱে শনিবাৰৰ পৰাই অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছিল ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল দলটোৱে । এনে পৰিস্থিতিত তেওঁৰ দলটো চিন্তিত হৈ পৰিছিল । অভিনেত্ৰীগৰাকীৰ দলটোৱে জনোৱা মতে, শনিবাৰে দুপৰীয়া ১২:৩০ বজাত শেষবাৰৰ বাবে নুশ্বৰটৰ সৈতে যোগাযোগ কৰা হৈছিল । সেই সময়ত অভিনেত্ৰীগৰাকী বেছমেণ্টত আছিল আৰু সম্পূৰ্ণ নিৰাপদ আছিল ।
উল্লেখ্য যে, ৭ অক্টোবৰৰ পুৱা প্ৰায় ৮ বজাত পেলেষ্টাইনী সংগঠন হামাছে মাত্ৰ ২০ মিনিটতে ইজৰাইলৰ ওপৰত ৫ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল । এই ৰকেটসমূহ আৱাসিক অট্টালিকাত পৰি ৩০০ ৰো অধিক লোকৰ মৃত্যু হয় । শনিবাৰৰ পৰা গাজাৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ চলি আছে । এই আক্ৰমণত এতিয়ালৈকে ইজৰাইল আৰু পেলেষ্টাইন উভয়ৰে শ শ নাগৰিক নিহত হৈছে ।
লগতে পঢ়ক:Nushrratt Bharuccha: ইজৰাইলৰ বিমানবন্দৰত উপস্থিত নুশ্ৰত ভাৰুচা, অতি সোনকালেই ভাৰতলৈ উভতিব