চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : সংসাৰত জুই লগাৰ পিছৰে পৰা দৈনিক নতুন নতুন খবৰ শুনিবলৈ পোৱা গৈছে নৱাজুদ্দিন ছিদ্দিকীৰ বিষয়ে ৷ অলপতে নৱাজৰ মাকে পত্নী আলিয়াৰ বিৰুদ্ধে ঘৰত সোমাই মাৰপিট কৰাৰ অভিযোগ তুলিছিল ৷ এতিয়া পত্নীয়ে নৱাজুদ্দিনৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ (Nawazuddin Siddiqui Aaliya controversy) ৷ শুকুৰবাৰে আলিয়াই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত নৱাজুদ্দিনে তেওঁৰ বাংলোৰ গেটৰ বাহিৰত থিয় হৈ তেওঁৰ সৈতে মত বিনিময় কৰা দেখা গৈছে (Nawazuddin Siddiqui latest news) ।
ভিডিঅ’টোৰ উপৰিও আলিয়াই কিছু নথিপত্ৰ শ্বেয়াৰ কৰিছে য’ত তেওঁক নৱাজুদ্দিনৰ পত্নী বুলি উল্লেখ কৰা হৈছে । ছ’চিয়েল মিডিয়াৰ দীঘলীয়া পোষ্টটোত তেওঁ উল্লেখ কৰে যে তেওঁ “এজন মানুহক জীৱনৰ 18 বছৰ দিয়াৰ বাবে অনুশোচনা কৰে যিজন মানুহৰ চকুত মোৰ একেবাৰেই কোনো মূল্য নাই” । আলিয়াই 2004 চনত নৱাজুদ্দিনক লগ পোৱাৰ সময়ত তেওঁৰ হাতত একোৱেই নাছিল বুলিও প্ৰকাশ কৰিছে । দম্পতীহালে লিভ ইন ৰিলেচনশ্বিপত আছিল আৰু নৱাজৰ ভাতৃ শ্বামাছুদ্দিন ছিদ্দিকীৰ সৈতে 1টা কোঠাৰ ফ্লেট শ্বেয়াৰ কৰিছিল ।
"এটা কোঠা য'ত আমি একেলগে যাত্ৰা আৰম্ভ কৰিছিলো আৰু বহুত সুখেৰে জীয়াই আছিলো । মই বিশ্বাস কৰিছিলো যে তেওঁ মোক ভাল পায় আৰু মোক দীৰ্ঘজীৱন সুখী কৰি ৰাখিব । সেই সময়ত, তেওঁৰ ওচৰত খাদ্যৰ বাবে টকাও নাছিল সেয়েহে মই আৰু তেওঁৰ ভাতৃ শ্ৰীযুত শ্বামাছুদ্দিনে কোনো ব্যক্তিগত লাভালাভ অবিহনে সকলো বোৰ পৰিচালনা কৰিছিলো", তেওঁ লিখিছিল ।
2010 চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে এবছৰৰ পিছত কন্যা শ্বোৰা ছিদ্দিকীক আদৰণি জনায় । শেহতীয়া পোষ্টটোত আলিয়াই দাবী কৰিছে যে নৱাজে তেওঁলোকৰ দ্বিতীয় সন্তানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । "তেওঁ কৈছে যে তেওঁ মোক আমাৰ প্ৰথম সন্তানৰ জন্মৰ পিছত বিবাহ বিচ্ছেদ দিছিল আৰু তাৰ পিছত আকৌ বিবাহ বিচ্ছেদৰ পিছত মই তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিলো আৰু আমি লিভ-ইন সম্পৰ্কত থকাৰ সময়তে দ্বিতীয় সন্তান জন্ম দিছিলো আৰু মই পিছত গম পাইছিলো যে যেতিয়া আমাৰ বিবাহ বিচ্ছেদ হোৱাই নাছিল তেতিয়াই তেওঁ মোক কেতিয়াও তেওঁৰ পত্নী হিচাপে গণ্য কৰা নাছিল",আলিয়াই লিখিছিল ।