চিটাৰা ডেস্ক, 8 আগষ্ট: নিজৰ মন্তব্যৰ বাবে প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰী শ্বাৰলিন চোপ্ৰা ৷ যিকোনো বিষয়তে নিজৰ মন্তব্য প্ৰকাশ কৰা দেখা যায় শ্বাৰলিনক ৷ কেৱল ইমানেই নহয় নিজৰ বক্তব্যৰ বাবে বিতৰ্কৰ আৱৰ্ততো সোমাই পৰা দেখা যায় শ্বাৰলিনক ৷ বিশেষকৈ ছাজিদ খানৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি চৰ্চালৈ আহিছিল শ্বাৰলিন ৷ এতিয়া পুনৰ এবাৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে শ্বাৰলিন চোপ্ৰা ৷ এইবাৰ এজন ডাঙৰ নেতাৰ বিষয়ে মন্তব্য কৰি চৰ্চাত আহিছে শ্বাৰলিন ৷ অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ এক আচৰিত ধৰণৰ বক্তব্য প্ৰকাশ কৰে । ৰাহুল গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি মন্তব্য কৰিছে শ্বাৰলিনে ৷ কিন্তু ইয়াৰ বাবে ৰাহুল গান্ধীয়ে মানিব লাগিব এটা চৰ্ত ৷
কি চৰ্ত মানিব লাগিব ৰাহুলে ?
শেহতীয়াকৈ শ্বাৰলিন চোপ্ৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত তেওঁক বহু অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে । এনেতে এজন পাপাৰাজীয়ে শ্বাৰলিনক প্ৰশ্ন কৰিছে যে, ৰাহুল গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব খোজে নেকি ? এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে ধেমেলীয়াভাৱে উত্তৰ দিয়ে । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘নিশ্চয় ! কিয় নহয়, কিন্তু বিয়াৰ বাবে ৰাহুল গান্ধীয়ে এটা চৰ্ত মানিব লাগিব ৷ বিয়াৰ পিচত মই মোৰ উপাধিটো সলনি নকৰো, মোৰ উপাধি চোপ্ৰা হৈ থকাটো মই বিচাৰো ৷’’ শ্বাৰলিন চোপ্ৰাৰ এই ভিডিঅ’টো তেওঁৰ ফেন ক্লাবে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ।