চিটাৰা ডেস্ক, 27 অক্টোবৰ : পাকিস্তানী গায়ক আতিফ আছলামক আজি কোনে চিনি নাপায় ৷ পাকিস্তানী হোৱা স্বত্বেও নিজৰ মন্ত্ৰমুগ্ধ কণ্ঠেৰে ভাৰতৰ লগতে গোটেই বিশ্বজুৰি কণ্ঠশিল্পীগৰাকীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ আতিফৰ অনুৰাগী গোটেই বিশ্বজুৰি আছে বুলি ক’লেও হয়তো ভুল নহ’ব ৷ কণ্ঠশিল্পীগৰাকীৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ সংগীতানুষ্ঠান পাকিস্তানৰ লগতে অন্যান্য দেশতো অনুষ্ঠিত হয় ৷ আতিফৰ সংগীত উপভোগ কৰিবলৈ লাখ লাখ লোকে ভিৰ কৰে সংগীতানুষ্ঠানত ।
কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে কিছুমান লোকে সংগীত উপভোগ কৰিবলৈ লাইভ কনচাৰ্টলৈ অহাৰ বিপৰীতে কিছুমানে শিল্পীসকলৰ লগত অভব্য আচৰণ কৰিবলৈ আহে ৷ কেতিয়াবা যদি কোনোবাই লাইভ কনচাৰ্টত কণ্ঠশিল্পীৰ ওপৰত পানীৰ বটল দলিয়াই দিয়ে, আন কেতিয়াবা আকৌ ফোন আদি বস্তুও দলিয়াই দিয়ে ।
এনে বহু তিতা অভিজ্ঞতা বহু কণ্ঠশিল্পীয়ে লাভ কৰে ৷ যাৰ বাবে কিছু বিতৰ্কৰো সৃষ্টি হয় । এতিয়া পাকিস্তানী গায়ক আতিফ আছলামৰ লগতো শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে । ইয়াৰ পিচত কণ্ঠশিল্পীগৰাকীয়ে সেই লোকজনক দিলে উচিত শিক্ষা ৷
এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, দৰাচলতে শেহতীয়াকৈ আতিফ আছলামে সংগীত পৰিৱেশন কৰি থকাৰ সময়তে এজন অনুৰাগীয়ে তেওঁলৈ টকা দলিয়াই দিয়ে । ইয়াৰ পিচতে আতিফে কিছু সময়ৰ বাবে সংগীতানুষ্ঠান স্থগিত ৰাখে ৷ এনে কাৰ্যত কণ্ঠশিল্পীগৰাকীৰ খং উঠে যদিও নিজৰ খং দমন কৰি অনুৰাগীজনক নীতি শিক্ষা দিয়ে ৷ আতিফৰ এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।