চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: প্ৰথমে আইনী বিবাহ, তাৰ পিচত উদয়পুৰত আনুষ্ঠানিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় আমিৰ খানৰ কন্যা আইৰা খান ৷ দীৰ্ঘদিনীয়া প্ৰেমিক তথা ফিটনেছ ট্ৰেইনাৰ নুপুৰ শিখাৰেৰ সৈতে খ্ৰীষ্টান ধৰ্মীয় ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় আইৰা ৷ উদয়পুৰত বিবাহৰ পিচত শনিবাৰে মুম্বাইত অনুষ্ঠিত হয় আইৰা খানৰ অভ্যৰ্থনা অনুষ্ঠান । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান । আমিৰ তনয়াৰ ৰিচেপচনত উপস্থিত থাকে বলীউডৰ বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটি । এতিয়া অভ্যৰ্থনা অনুষ্ঠানৰ পৰা নৱবিবাহিত দম্পতীৰ বহু ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ৷ আইৰা খান আৰু নুপুৰ শিখাৰেই নিজৰ বিশেষ দিনটোৰ বাবে বাছি লৈছিল পৰম্পৰাগত সাজ-পোছাক ।
আইৰা খানে বিয়াৰ অভ্যৰ্থনাৰ বাবে বাছি লৈছিল ৰঙা ৰঙৰ লেহেংগা । চুটি হাতৰ ব্লাউজ আৰু মেচিং দুপাট্টাৰ সৈতে গধুৰ ৰঙা লেহেংগা পৰিধান কৰা আইৰাক খুব সুন্দৰ দেখা গৈছিল । আইৰাই গধুৰ লেহেংগাৰ সৈতে পৰিধান কৰা নাছিল কোনো গধুৰ জুৱেলাৰী । অৱশ্যে সাজ-পোছাকৰ সৈতে মিলাই গোল্ডেন খাৰু পৰিধান কৰিছিল । আনহাতে ৰিচেপচনৰ বাবে নুপুৰ শিখাৰে বাছি লৈছিল অল ব্লেক লুক । ক’লা শ্বেৰৱানী আৰু মেচিং জোতা পৰিধান কৰিছিল নুপুৰে, লুকটোত নুপুৰক যথেষ্ট ভাল দেখা গৈছিল ।
নৱবিবাহিত দম্পতীয়ে ৰিচেপচন ভেন্যুত উপস্থিত হৈ পাপাৰাজীৰ কেমেৰাৰ সন্মুখত ভিন্ন ভংগীমাৰে পোজ দিয়ে । ইফালে কন্যাৰ ৰিচেপচন পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আমিৰ খানে ৷ কন্যাৰ ৰিচেপচনৰ বাবে আমিৰ খানে বগা পায়জামাৰ সৈতে ক’লা শ্বেৰৱানী বাছি লৈছিল, য’ত তেওঁক যথেষ্ট ধুনীয়া দেখা গৈছিল । আনহাতে ৰঙা ৰঙৰ শাৰী পৰিধান কৰা দেখা গৈছিল আইৰাৰ মাতৃ ৰীণা দত্তক ।