অসম

assam

Dadasaheb Phalke Award 2023: দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব ৱাহিদা ৰহমানক, ঘোষণা অনুৰাগ ঠাকুৰৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:18 PM IST

বলীউডৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব । এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ।

Waheeda Rehman to be bestowed with this year's Dadasaheb Phalke Award
বলীউডৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব

চিটাৰা ডেস্ক, ২৬ ছেপ্টেম্বৰ: বলীউডৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব । আজি এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক চলিত বৰ্ষৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । গাইড, প্যাসা, কাগজ কে ফুল, চৌধৱী কা চান্দ আদি ছবিত বলিষ্ঠ অভিনয়ৰ বাবে ৱাহিদা ৰেহমান পৰিচিত ।

অনুৰাগ ঠাকুৰে ঘোষণা কৰিছে এই কথা

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত অনুৰাগ ঠাকুৰে লিখিছে, "মই এইটো ঘোষণা কৰি আনন্দিত যে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ সুন্দৰ অৱদানৰ বাবে ৱাহিদা ৰেহমানজীক এই বছৰ সন্মানীয় দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব ৷’’

তেওঁ লগতে লিখিছে, ‘‘ৱাহিদাজীক হিন্দী চলচ্চিত্ৰত তেওঁৰ চৰিত্ৰৰ বাবে সমালোচকসকলে প্ৰশংসা কৰিছে ৷ তাৰ ভিতৰত মুখ্য হৈছে 'প্যাসা', 'কাগজ কে ফুল', 'চৌধৱী কা চান্দ', 'চাহেব বিৱি ঔৰ গোলাম', 'গাইড', 'খামোশী' আৰু আন বহুতো । ৫ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত, তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে আৰু 'ৰেশ্মা ঔৰ শ্বেৰা' চলচ্চিত্ৰত কুলব্ৰিডৰ চৰিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । পদ্মশ্ৰী আৰু পদ্মভূষণ প্ৰাপ্ত ৱাহিদাজী এগৰাকী ভাৰতীয় মহিলাৰ নিষ্ঠা, প্ৰতিশ্ৰুতি আৰু শক্তিৰ উদাহৰণ দিয়ে ।’’

লগতে অনুৰাগ ঠাকুৰে লিখেছে, ‘‘যি সময়ত সংসদত ঐতিহাসিক নাৰী শক্তি বন্দন আইন গৃহীত হৈছে, সেই সময়ত তেওঁক এই জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰাটো ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলাৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি, যিয়ে ছবিৰ পিচত নিজৰ সমগ্ৰ জীৱন দান-বৰঙণি আৰু সমাজৰ উন্নতিৰ বাবে উৎসৰ্গা কৰিছে । তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁৰ চহকী কামৰ প্ৰতি বিনম্ৰভাৱে শ্ৰদ্ধা জনাইছো, যিটো আমাৰ চলচ্চিত্ৰ ইতিহাসৰ এক অন্তৰ্নিহিত অংশ ।’’

ৱাহিদা ৰেহমান ৱৰ্ক ফ্ৰন্ট

উল্লেখ্য যে, ৱাহিদা ৰেহমানে নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে । তেওঁক ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হয় । কৰ্মৰাজিৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে ২০২১ চনত মুক্তি পোৱা ভাৰতীয়-আমেৰিকান কামিং অৱ এজ ক্ৰীড়া নাটক ‘স্কেটাৰ গাৰ্ল’ত দেখা গৈছিল ।

লগতে পঢ়ক:Ekta Kapoor: আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হৈছে একতা কাপুৰ

ABOUT THE AUTHOR

...view details