অসম

assam

ETV Bharat / entertainment

Vivian Dsena: ইজিপ্তৰ নৌৰানৰ লগত বিবাহপাশত আৱদ্ধ হ’ল নেকি অভিনেতা ভিভিয়ান ড্চেনা?

অভিনেতা ভিভিয়ান ড্চেনাই ইজিপ্তৰ লেডিলাভ নৌৰান ওছামা আলীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি সামাজিক মাধ্যমত চৰ্চিত হৈছে । এবছৰতকৈও অধিক সময় ধৰি মুম্বাইত একেলগে বাস কৰি আছে দুয়ো (Vivian Dsena)।

By

Published : Mar 6, 2023, 9:29 PM IST

Vivian Dsena has been married to Egyptian journo for over a year?
ভিভিয়ান ড্চেনাই ইজিপ্তৰ লেডিলাভ নৌৰান ওছামা আলীৰ সৈতে বিবাহপাশত আবদ্ধ

চিটাৰা ডেস্ক, 6 মাৰ্চ: শেষবাৰৰ বাবে টি ভি ধাৰাবাহিক "ছিৰফ তুম"ত ৰণবীৰৰ চৰিত্ৰত অভিনয় কৰা টেলিভিছন অভিনেতা ভিভিয়ান ড্চেনাই এতিয়া আৰু অকলশৰীয়া হৈ থকা নাই ৷ দীৰ্ঘদিন ধৰি ইজিপ্তৰ প্ৰেমিকা নৌৰাণ ওছামা আলীৰ লগত সম্পৰ্কত থকা বুলি সামাজিক মাধ্যমত বহুল ভাৱে চৰ্চিত হৈ আহিছিল (Vivian Dsena married to Egyptian journo) ৷

কিন্তু শেহতীয়া খবৰ অনুসৰি ভিভিয়ান ড্চেনাই নৌৰাণ ওছামা আলীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি জানিব পৰা গৈছে (Actor Vivian Dsena)। অৱশ্যে এই বিবাহক লৈ এই পৰ্যন্ত অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত কোনো মত প্ৰকাশ কৰা নাই যদিও ইজিপ্তত দুয়োগৰাকীৰ বিবাহ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে । নিজৰ ব্যক্তিগত জীৱন অতিকৈ ব্যক্তিগত কৰি ৰখা ভিভিয়ানে যোৱা বছৰ নৌৰানৰ সৈতে সম্পৰ্কত থকাৰ কথা স্বীকাৰ কৰিছিল ।

ভিভিয়ান ড্চেনাই ইজিপ্তৰ লেডিলাভ নৌৰান ওছামা আলীৰ সৈতে বিবাহপাশত আবদ্ধ

ৱেবলয়ডৰ এক প্ৰতিবেদন অনুসৰি, ইজিপ্তত ভিভিয়ান আৰু নৌৰানে অতি সীমিত লোকৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয় । দুয়োৰে বিবাহ এবছৰতকৈও অধিক হ’ল ৷ কিন্তু বিবাহৰ এই কথা আজি পৰ্যন্ত ৰাজহুৱা কৰা নাই ভিভিয়ানে । বিয়াৰ পিচত মুম্বাইৰ লোকাণ্ডৱালা অঞ্চলৰ এটা এপাৰ্টমেণ্টত একেলগে থাকে দুয়োগৰাকী ।

উল্লেখ্য যে ভিভিয়ানৰ এইখন দ্বিতীয় বিবাহ ইয়াৰ বিপৰীতে নৌৰানৰ অতীতৰ বিষয়ে বিশেষ একো জনা নাযায় যদিও নৌৰান এগৰাকী সাংবাদিক বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে ভিভিয়ানে অভিনেতা ভাহবিজ ড’ৰাবজীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ ভাহবিজ আৰু ভিভিয়ানে "পিয়াৰ কি য়ে এক কাহানী"ৰ চেটত লগ পাইছিল । পৰবৰ্তী সময়ত দুয়ো বিবাহপাশত আৱদ্ধ হয় যদিও ২০১৭ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে আৰু ২০২১ চনত আইনীভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হয় ।

ইফালে ভিভিয়ানে নৌৰানক এক সাক্ষাৎকাৰৰ পৰা লগ পাইছিল আৰু দুয়ো ক্ৰমান্বয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে প্ৰেমত পৰে । ভিভিয়ানে লেডী লাভৰ নৌৰানৰ বিষয়ে পূৰ্বে কৈছিল যে তেওঁৰ দৰেই নৌৰানো এগৰাকী অত্যন্ত ব্যক্তিগত ব্যক্তি (Vivian Dsena married journalist) । যেতিয়া অভিনেতাগৰাকীয়ে নৌৰানৰ পৰিয়ালক লগ পাইছিল, তেওঁলোকৰ এটাই অনুৰোধ আছিল যে নৌৰানক যাতে চেলিব্ৰিটি ষ্টেটাছৰ বাবে দূৰত ৰাখে ৷ লগতে ভিভানক পৰিয়ালবৰ্গই অনুৰোধ কৰে যে নৌৰানক পাৰ্টি আদি অনুষ্ঠানৰ পৰা যাতে দূৰত ৰাখে ৷ কাৰণ নৌৰান গ্লেমাৰৰ পৰা আঁতৰি স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰে ।

লগতে পঢ়ক:Arjun Kapoor : অৰ্জুন কাপুৰে প্ৰেমিকা মালাইকাৰ সৈতে উদযাপন কৰিলে ভাবী শাহুৰ জন্মদিন

ABOUT THE AUTHOR

...view details