চিটাৰা ডেস্ক, 18 এপ্ৰিল :দ্য কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক প্ৰায়ে ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰসংগত মাত মাতি অহা দেখা যায় (Vivek Agnihotri) ৷ যিকোনো প্ৰসংগত পৰিচালকগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ স্পষ্টবাদী মতামত দাঙি ধৰে ৷ শেহতীয়াকৈ পৰিচালগৰাকীয়ে নিজৰ নতুন পোষ্টত সমলিংগ বিবাহৰ ওপৰত প্ৰদান কৰিছে নিজৰ মন্তব্য (Same sex marriage in India) ।
উল্লেখ্য যে, শেহতীয়াকৈ ল বিটৰ টুইটাৰ একাউন্টত এটা টুইট পোষ্ট কৰা হৈছে, য’ত লিখা আছে, ‘কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে সমলিংগ বিবাহ এক নগৰীয়া অভিজাত ধাৰণা, যিটো দেশৰ সামাজিক নীতি-নিয়মৰ পৰা বহু দূৰৈত । কেন্দ্ৰই কয় যে বিষমযৌন সংঘৰ বাহিৰলৈ সমলিংগ বিবাহৰ সম্প্ৰসাৰণে এক নতুন প্ৰতিষ্ঠানৰ সৃষ্টি কৰিব ৷" কিন্তু কেন্দ্ৰৰ এই মতামতৰ বিৰুদ্ধে গৈ বিবেক অগ্নিহোত্ৰীয়ে সমকামী বিবাহক সমৰ্থন জনোৱা পৰিলক্ষিত হয় (Same sex marriage)।
মঙলবাৰে এই টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে লিখিছে, ‘‘নাই । সমকামী বিবাহ কোনো ‘নগৰীয়া অভিজাতবাদী’ ধাৰণা নহয় । ই এক মানৱীয় প্ৰয়োজনীয়তা । কোনোবা চৰকাৰী অভিজাত শ্ৰেণীয়ে হয়তো ইয়াৰ খচৰা প্ৰস্তুত কৰিছিল ৷ যিসকলে কেতিয়াও সৰু সৰু চহৰ-গাঁৱলৈ ভ্ৰমণ কৰা নাই । প্ৰথম কথা সমকামী বিবাহ কোনো ধাৰণা নহয় । ই এক প্ৰয়োজনীয়তা । ই এক অধিকাৰ । ভাৰতৰ দৰে প্ৰগতিশীল, উদাৰ আৰু সৰ্বাংগীন সভ্যতাত সমলিংগ বিবাহ অপৰাধ নহয়, স্বাভাৱিক হ’ব লাগে’’ ।