চিটাৰা ডেস্ক, 26 মাৰ্চ: শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে গান্ধী পৰিয়ালৰ লোকে কৰা ত্যাগ সম্পৰ্কে ব্যক্ত কৰিছিল (Vivek Agnihotri priyanka gandhi) । ইয়াৰ পিচতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে ৷ প্ৰিয়ংকা গান্ধীৰ এই মন্তব্যৰ পিচতে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত ক্ৰোধিতভাৱে টুইট কৰি কয় যে কৰণ জোহৰৰ ছবিত গান্ধী পৰিয়ালে অভিনয় কৰিবলৈ আৰম্ভ কৰা উচিত (Vivek Agnihotri on Gandhi family)।
২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা (Rahul Gandhi disqualification) কৰাৰ প্ৰতিবাদত নতুন দিল্লীৰ মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাটত সংকল্প সত্যগ্ৰহত ভাষণ দিছিল প্ৰিয়ংকা গান্ধীয়ে । ভাষণত তেওঁ কয়, "মোৰ পৰিয়ালৰ তেজে ভাৰতবৰ্ষত গণতন্ত্ৰ বজাই ৰাখিছে । এই দেশৰ গণতন্ত্ৰৰ বাবে আমি যিকোনো কাম কৰিম । কংগ্ৰেছৰ মহান নেতাসকলে এই দেশত গণতন্ত্ৰৰ ভেটি স্থাপন কৰিছিল ।"
প্ৰিয়ংকা গান্ধীয়ে কয়, "আজিলৈকে তেওঁলোকে আমাৰ পৰিয়ালক বহুত অপমান কৰি আহিছে আৰু আমি মৌন হৈ আছিলো কিন্তু আৰু মৌন হৈ নাথাকো । এজন ব্যক্তিক আপুনি কিমান অপমান কৰিব ? বনবাসত পঠোৱা ভগৱান ৰাম ‘পৰিয়ালকেন্দ্ৰীক’ আছিল নেকি ?"