অসম

assam

ETV Bharat / entertainment

Vivek Agnihotri: হঠাৎ নাছিৰুদ্দিন শ্বাহৰ ওপৰত কিয় খং উঠিল বিবেক অগ্নিহোত্ৰীৰ ?

শেহতীয়াকৈ নাছিৰুদ্দিন শ্বাহে দ্য কাশ্মীৰ ফাইলছ, গদৰ 2 আৰু দ্য কেৰালা ষ্ট’ৰীক জনসাধাৰণৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰিছে । এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দ্য কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ।

Vivek Agnihotri slams Naseeruddin Shah, says 'I have zero tolerance for terrorism, he loves them'
দ্য কাশ্মীৰ ফাইলছ'ক ক্ষতিকাৰক আখ্যা দিয়াৰ বাবে নাছিৰুদ্দিন শ্বাহৰ ওপৰত খং উঠিল বিবেক অগ্নিহোত্ৰীৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 6:33 PM IST

চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে দ্য কাশ্মীৰ ফাইলছৰ পিচত এতিয়া পুনৰ ডাঙৰ পৰ্দাত আন এখন গুৰুতৰ বিষয় লৈ উভতি আহিছে ৷ সম্প্ৰতি বিবেকে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘দ্য ভেকচিন ৱাৰ’ মুক্তিৰ বাবে প্ৰস্তুতি চলাইছে । এই সকলোবোৰৰ মাজতে এতিয়াও চৰ্চাত আছে তেওঁৰ পূৰ্বৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’।

কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ আধাৰত নিৰ্মিত এই ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল যদিও বহু সমালোচনাৰ সন্মুখীন হৈছিল ছবিখন । এই ছবিখনক লৈ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহে কেইবাৰো সমালোচনা কৰিছিল ৷ এইবাৰ পুনৰ এই ছবিখনক লৈ নাছিৰুদ্দিন শ্বাহে মন্তব্য কৰিছে ৷ অভিনেতাগৰাকীয়ে কয় যে দ্য কাশ্মীৰ ফাইলছ দৰ্শকৰ বাবে বিপদজনক । নাছিৰুদ্দিন শ্বাহৰ এই মন্তব্যক লৈ এতিয়া বিবেকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

নাছিৰুদ্দিন শ্বাহৰ এই মন্তব্যক লৈ বিবেকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

শেহতীয়াকৈ নাছিৰুদ্দিনে ‘দ্য কাশ্মীৰ ফাইলছ’, ‘গদৰ ২’, ‘দ্য কেৰালা ষ্ট’ৰী’ আদি ছবিৰ বিষয়ে কৈছিল যে এইবোৰ ৰাইজৰ বাবে ক্ষতিকাৰক কাৰণ এই ছবিবোৰত অত্যধিক উগ্ৰবাদ দেখুৱা হৈছে। এই সন্দৰ্ভত বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কয়, "মই নাজানো । মই ভাবো কোনখন ভাল ছবি, কোনখন বেয়া ছবি সেইটো দৰ্শকৰ ওপৰত নিৰ্ভৰশীল। মই নিশ্চিত যে ভাৰতক সদায় সমালোচনা কৰা ছবি তেওঁ ভাল পায় । কিছুমান মানুহ জীৱনত নিৰাশ হয় । তেওঁ সদায় নেতিবাচক খবৰ, নেতিবাচক কথাত বিশ্বাস কৰে গতিকে নাছিৰ ভাইৰ কি ভাল লাগে মই নাজানো ।

তেওঁৰ অভিনয়ৰ অনুৰাগী হৈ আহিছোঁ আৰু ‘দ্য তাছকণ্ড ফাইলছ’ত তেওঁক কাষ্ট কৰিছিলোঁ । কিন্তু শেহতীয়াকৈ তেওঁ এনেকুৱা কথা কৈ আছে, হয়তো তেওঁ বহুত বুঢ়া হৈ গৈছে বা হয়তো তেওঁ জীৱনত বহুত হতাশ হৈ গৈছে ।”

The Kashmir Files ৰ লগত নাছিৰৰ কি সমস্যা ?

পৰিচালকগৰাকীয়ে লগতে কয়, ‘দ্য কাশ্মীৰ ফাইলছৰ সৈতে তেওঁৰ কি সমস্যা আছে মই নাজানোঁ । যদি তেওঁ কয় যে কাশ্মীৰত কাশ্মীৰী হিন্দুৰ গণহত্যা হোৱা নাছিল তেতিয়া মই বুজি পাম, নহ’লে গণহত্যা কিয় ঢাকি ৰাখিব বিচাৰিছে মই নাজানোঁ । তেওঁ এজন বুদ্ধিমান মানুহ, তেওঁক গণহত্যা অস্বীকাৰ কৰা যেন নালাগে । যদি তেওঁ গণহত্যা অস্বীকাৰ কৰে তেন্তে মোৰ ক’বলৈ শব্দ নাই ।

‘দ্য ভেকচিন ৱাৰ’ কেতিয়া মুক্তি পাব ?

উল্লেখ্য যে, শেহতীয়াকৈ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰাষ্ট্ৰীয় সংহতি সম্পৰ্কীয় শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰিছে। এতিয়া তেওঁৰ নতুন ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ বাবে অপেক্ষাত আছে বিবেক ৰঞ্জন অগ্নিহোত্ৰী । ২৮ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পাব এই ছবিখন ৷ Covid-19ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰু চিকিৎসা বিভাগে এই মাৰাত্মক ভাইৰাছৰ ভেকচিন নিৰ্মাণ কৰিবলৈ যি সমস্যাৰ সন্মুখীন হৈছিল তাৰ ওপৰত আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । নানা পাটেকাৰ, অনুপম খেৰ, পল্লৱী যোশী, ৰাইমা সেন, সপ্তমী গৌড়াকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছবিখনত ।

লগতে পছক:Kangana Ranaut : প্ৰধানমন্ত্ৰী মোদীক লৈ কংগনা ৰানাৱটৰ টুইট

ABOUT THE AUTHOR

...view details