চিটাৰা ডেস্ক, ২৫ আগষ্ট:২০২২ চনৰ ব্লকবাষ্টাৰ ছবি দ্য কাশ্মীৰ ফাইলছে লাভ কৰিছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ ছবিৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰিছে ছবিখনে । দেশৰ এই বৃহৎ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ পাচত অতি সুখী পৰিচালক বিবেক অগ্নিহোত্ৰী । বঁটা লাভ কৰাৰ পাচতে তেওঁৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে ।
পোহৰলৈ অহা বিবেক অগ্নিহোত্ৰীৰ ভিডিঅ’টোত তেওঁ আমেৰিকাত থকাৰ কথা কৈছে । যেতিয়া পৰিচালকগৰাকীলৈ ফোন কল আহিবলৈ ধৰিলে, তেতিয়া তেওঁ গম পালে যে দ্য কাশ্মীৰ ফাইলছে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে । পৰিচালকগৰাকীয়ে কয়, ‘‘মই সদায় কৈ আহিছো যে কাশ্মীৰ ফাইলছ মোৰ ছবি নহয়, মই কেৱল এক উৎসহে মাথোঁ ৷ কাশ্মীৰত সন্ত্ৰাসবাদৰ বলি হোৱা সকলো মানুহ, কাশ্মীৰী হিন্দু, শিখ, খ্ৰীষ্টান মুছলমান, দলিত গুৰজাৰ, এয়া তেওঁলোকৰ কণ্ঠ । তেওঁলোকৰ যন্ত্ৰণাৰ কণ্ঠই সমগ্ৰ পৃথিৱীত উপনীত হ’ল ।’’
বিবেক অগ্নিহোত্ৰীয়ে কয় যে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি আমি এই কণ্ঠক বিশ্ববাসীৰ ওপৰলৈ লৈ গ’লোঁ আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰি ইয়াৰ ওপৰত মোহৰ লগোৱা হৈছে । লগতে তেওঁ কয় যে, তেওঁৰ কোম্পানীৰ হৈ তেওঁ এই বঁটা সেই সকলো ভুক্তভোগীক বিশেষকৈ কাশ্মীৰী হিন্দুসকলৰ বাবে উৎসৰ্গা কৰে ।