চিটাৰা ডেস্ক, 2 অক্টোবৰ:ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা এইকেইদিন ছ’চিয়েল মিডিয়াত চৰ্চাত আছে । কিয়নো শেহতীয়াকৈ অনুষ্কাৰ সন্দৰ্ভত এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ সেয়া হ’ল অনুষ্কা শৰ্মাৰ পুনৰ গৰ্ভধাৰণৰ খবৰ ৷ অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত অনুষ্কা শৰ্মা কিম্বা বিৰাটে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই ৷ কিন্তু এই খবৰক লৈ শেহতীয়াকৈ লাইমলাইটত আহিছে এই দম্পতী ৷
একাংশ সংবাদ মাধ্যমতো দাবী কৰা হৈছে যে অনুষ্কাই নিজেই শীঘ্ৰে দ্বিতীয় সন্তানৰ আগমনৰ কথা ঘোষণা কৰিব পাৰে । এতিয়া অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে আন এটা খবৰ পোহৰলৈ আহিছে ৷ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ খেলখনৰ বাবে গুৱাহাটীত উপস্থিত থকা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে হঠাতে মুম্বাইলৈ উভতি যাব লগা হৈছে ।
গুৱাহাটীৰ পৰা হঠাৎ কিয় মুম্বাইলৈ উভতি গ’ল বিৰাট কোহলী ?
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ জৰুৰীকালীনভাৱে গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যাবলগীয়া হৈছে ৷ এই খবৰে অনুষ্কা শৰ্মাৰ দ্বিতীয় গৰ্ভধাৰণৰ কথা যেন এক প্ৰকাৰে নিশ্চিত কৰিছে । অৱশ্যে বিৰাটৰ হঠাৎ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যোৱাৰ আঁৰত কি জৰুৰীকালীন অৱস্থা আছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ।