চিটাৰা ডেস্ক, ৩০ আগষ্ট: শীঘ্ৰেই ছবিগৃহত মুক্তি পাব ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱান ৷ কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ শিখৰত স্থিত মাতা বৈষ্ণো দেৱীৰ মন্দিৰ দৰ্শন কৰিলে অভিনেতাগৰাকীয়ে ৷ এজন বিষয়াই জনোৱা মতে, ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে মঙলবাৰে গভীৰ নিশা মন্দিৰত উপস্থিত হৈ বৈষ্ণো দেৱীৰ আশীৰ্বাদ লয় ৷
বিষয়াগৰাকীয়ে কয় যে ছুপাৰষ্টাৰগৰাকীয়ে মঙলবাৰে সন্ধিয়া বেছ কেম্প কাট্ৰাত উপস্থিত হৈ নতুন তাৰাকোটে পথ ব্যৱহাৰ কৰি নিশা প্ৰায় ১১.৪০ বজাত মন্দিৰত উপস্থিত হয় । অৱশ্যে তেওঁ পূজা প্ৰাৰ্থনা কৰি লগে লগে উভতি যায় । নীলা হুডি জেকেট পৰিধান কৰি আৰু মুখখন সম্পূৰ্ণ ঢাকি অভিনেতাগৰাকী উপস্থিত হয় মন্দিৰত ৷ ইতিমধ্যেই অভিনেতাগৰাকী মন্দিৰত যোৱা এটা চমু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
ক্লিপটোত দেখা পোৱা গ’ল বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডৰ বিষয়া, একাংশ আৰক্ষী আৰু ছুপাৰষ্টাৰগৰাকীৰ ব্যক্তিগত কৰ্মচাৰী । ৯ মাহৰ ভিতৰত বৈষ্ণো দেৱী মন্দিৰলৈ শ্বাহৰুখৰ এয়া দ্বিতীয়টো ভ্ৰমণ । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত এই মন্দিৰলৈ আহিছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁৰ ব্লকবাষ্টাৰ ছবি পাঠান মুক্তিৰ এমাহত পূৰ্বে এই মন্দিৰ দৰ্শন কৰিছিল অভিনেতাগৰাকীয়ে ৷