চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ :বিগত শনিবাৰে মুক্তি লাভ কৰিছিল হৃতিক-ছৈফৰ আগন্তুক ছবি ‘বিক্ৰম বেধা’ৰ নতুন গীত ‘এলক’হলিয়া’ই । এই গীতটোৰ প্ৰতি জনসাধাৰণৰ উৎসাহ এতিয়া তুংগত উঠিছে ৷ মুক্তিৰ পূৰ্বেই এই গীতটি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কোৱা বাহুল্য যে হৃতিক ৰোশনৰ নতুন ছবিখনত গীত এলক’হলিয়াই অন্য এক মাত্ৰা যোগ দিছে । এলক’হলিয়া গীতটিৰ ৰচনা কৰিছে মনোজ এমে ৷ এই গীতটো এতিয়া ছ’চিয়েল মিডিয়াতো ট্ৰেণ্ড হৈ আছে (Vikram Vedha Song alcoholia) ৷ বিশাল-শেখৰৰ দ্বাৰা ৰচিত গীতটিত বিশাল, শেখৰ, স্নিগ্ধজিৎ ভৌমিক আৰু অনন্যা চক্ৰৱৰ্তীয়ে কণ্ঠদান কৰিছে ।
প্ৰায় ২০ লাখ লোকে ইতিমধ্যে এই গীতটো শুনিছে ৷ এই ছবিখনত (Hrithik Saif New Film Vikram Vedha) এজন তথাকথিত অপৰাধী আৰু এজন কঠোৰ আৰক্ষী বিষয়াৰ মাজত হোৱা যুদ্ধসদৃশ পৰিৱেশ দেখিবলৈ পোৱা যাব ।