অসম

assam

ETV Bharat / entertainment

মুক্তি পালে বহু প্ৰতীক্ষিত ছবি Ponniyin Selvan 1এ - Ponniyin Selvan 1 cast

Ponniyin Selvan 1 movie: দক্ষিণৰ অভিনেতা বিক্ৰম আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত বহু প্ৰতীক্ষিত ছবি ‘Ponniyin Selvan 1’ এ 30 ছেপ্টেম্বৰত মুক্তি লাভ কৰিলে ।

Vikram and Aiswarya
মুক্তি পালে বহু প্ৰতীক্ষিত ছবি Ponniyin Selvan 1এ

By

Published : Sep 30, 2022, 1:34 PM IST

চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ :দক্ষিণ চলচ্চিত্ৰ জগতৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নমৰ দ্বাৰা পৰিচালিত দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিক্ৰম আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত বহু প্ৰতীক্ষিত ছবি ‘Ponniyin Selvan 1’ এ মুক্তি লাভ কৰিছে 30 ছেপ্টেম্বৰত । ঐশ্বৰ্য ৰায় আৰু বিক্ৰমৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ অভিনেতা জয়ম ৰবি, কাৰ্তি আৰু শোভিতা ধুলিপালাই (Ponniyin Selvan 1 cast)। ছবিখন 2.45 ঘণ্টা দৈৰ্ঘ্যৰ ।

দুটা ভাগত ‘Ponniyin Selvan ’ বনোৱাৰ পৰিকল্পনা কৰা হৈছে । কল্কীৰ ক্লাছিক তামিল উপন্যাস ‘পন্নিয়ান চেলভান’ৰ আধাৰত নিৰ্মিত এই ছবিখন । কল্কীয়ে এই উপন্যাসখন ৰচনা কৰিছিল 1995 চনত । লাইকা প্ৰডাকচন আৰু মাদ্ৰাজ টকিজৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছে এই ছবিখন ।

ছবিখনৰ সকলো মুখ্য চৰিত্ৰৰ ফাৰ্ষ্ট লুক বাহিৰ হোৱাৰ পিছত ছবিখন চোৱাৰ বাবে অনুৰাগীৰ মাজত এক উৎসুকতা দেখিবলৈ পোৱা গৈছিল । এতিয়া দৰ্শকৰ পৰা ছবিখনে কিমান সঁহাৰি লাভ কৰে সেইয়া লক্ষণীয় হ’ব ৷

'পন্নিয়ান চেলভান-1'ৰ কাহিনী দশম শতিকাৰ চোল সাম্ৰাজ্যৰ পৰা লোৱা হৈছে । ছবিখনৰ বাজেট 500 কোটি টকা বুলি কোৱা হৈছে । ছবিখনত নন্দিনীৰ চৰিত্ৰত অভিনয় কৰিছে ঐশ্বৰ্য ৰায়ে ।

'পন্নিয়ান চেলভান' হৈছে তামিল, হিন্দী, তেলুগু, মালায়ালম আৰু কানাড়া ভাষাত মুক্তি প্ৰাপ্ত এখন পান ইণ্ডিয়া চলচ্চিত্ৰ । চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ দেশৰ লগতে বহুতো ৰাজ্যৰ ধুনীয়া ধুনীয়া চহৰত কৰা হৈছে আৰু ইয়াৰ বাবে ডাঙৰ ছেটো প্ৰস্তুত কৰা হৈছিল ।

বিক্ৰম-বেধাৰ সৈতে পোনপটীয়া সংঘৰ্ষ

হৃত্বিক ৰোশন আৰু ছৈফ আলী খান অভিনীত বিক্ৰম বেধায়ো 30 ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে । এনে পৰিস্থিতিত, বক্স অফিচত দুয়ো খন ছবিৰ মাজত এক নিকট প্ৰতিযোগিতা চলিব ।

লগতে পঢ়ক :বিশ্বজুৰি 5640 টা ছবিগৃহত মুক্তি পালে হৃত্বিক ৰোশন আৰু ছৈফ আলী খান অভিনীত বিক্ৰম বেধা

ABOUT THE AUTHOR

...view details