চিটাৰা ডেস্ক, 12 মে’: প্ৰতিভাসম্পন্ন অভিনেতা বিজয় বাৰ্মাই দৰ্শনীয় অভিনয় আৰু অগতানুগতিক চলচ্চিত্ৰৰ পছন্দৰে হিন্দী ছবিৰ ব্যৱসায়ত নিজৰ বাবে অন্য এক স্থান প্ৰতিষ্ঠা কৰিছে (Vijay Varma blushes at Tamannaah name) । অৱশ্যে শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীয়ে তেওঁৰ ছবি ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ সহ অভিনেত্ৰী তামান্না ভাটিয়াক ডেট কৰাৰ কথা চৰ্চা চলিছে । শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বিজয়ক তামান্নাৰ সৈতে ডেট কৰাৰ খবৰৰ বিষয়ে প্ৰশ্ন কৰিছিল ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ নাম শুনাৰ লগে লগে লাজত ৰঙা পৰি যায় বিজয় ।
তামান্নাৰ নাম শুনি ব্লাছ কৰিলে বিজয় বাৰ্মাই
বৰ্তমান বিজয় বাৰ্মা ব্যস্ত নিজৰ আগন্তুক ছবি ‘দহাদ’ৰ প্ৰচাৰত (Dahaad actor vijay varma) । শেহতীয়াকৈ অভিনেতাগৰাকীক দহাদৰ টিজাৰ ইভেণ্টৰ সময়ত সহ অভিনেতা গুলশন দেৱাইয়ে তামান্না ভাটিয়াৰ সৈতে তেওঁক জোকাইছিল, যাৰ বাবে অভিনেতাগৰাকীৰ লাজতে গাল ৰঙা হৈ পৰা দেখা যায় (Tamannaah and Vijay dating rumours) ৷