চিটাৰা ডেস্ক, 1 ডিচেম্বৰ :বলীউডত খোজ দিয়া প্ৰথমখন ছবিৰ বাবেইধন সৰবৰাহৰ গোচৰত জড়িত হৈ পৰিছে দক্ষিণৰ অভিনেতা বিজয় দেৱৰাকোণ্ডা ৷ বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰে অভিনেতাজনক । শেহতীয়াকৈ মুক্তি পোৱা ‘লাইগাৰ’ ছবিখনৰ বাবে পুঁজি বিনিয়োগ সন্দৰ্ভত হায়দৰাবাদত জেৰা কৰা হয় বিজয়ক ৷ FEMA (Foreign Exchange Management Act) উলংঘা কৰি কোটি কোটি টকা বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে অভিনেতাজনৰ পৰা তথ্য বিচাৰিছে ইডিয়ে । প্ৰায় 9 ঘণ্টা ধৰি অভিনেতাগৰাকীক জেৰা কৰে ইডিয়ে । লাইগাৰৰ সৈতে জড়িত পেমেণ্টৰ তদন্ত কৰি আছে ইডিয়ে ।
বিজয় দেৱেৰাকোণ্ডাই কি ক’লে ?
ইডিয়ে সোধা-পোছা কৰাৰ অন্তত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ইডিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ তেওঁ দিছে । এই অনুসন্ধানৰ কাৰণ অভিনেতাগৰাকীয়ে অনুৰাগীৰ মৰমৰ পাৰ্শ্বক্ৰিয়া আৰু সমস্যা হিচাপে উল্লেখ কৰিছে । অভিনেতাগৰাকীয়ে কয়, ‘আপোনালোক সকলোৱে যি মৰম দিয়ে, ইয়াৰ কিছু সমস্যা আৰু অসুবিধাও থাকে, কিন্তু এয়াও এক অভিজ্ঞতা আৰু এয়াই জীৱন, মোক মাতি অনাৰ সময়ত মই মোৰ কৰ্তব্য পালন কৰিছো, সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিছো’ ৷ অভিনেতাজনক পুনৰ সোধা-পোছাৰ বাবে মাতি অনা হ’ব নেকি বুলি সোধাত তেওঁ নেতিবাচক উত্তৰ দিয়ে ।