চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: সৰগ ভাঙি পৰিছে সুৰকাৰ, জনপ্ৰিয় অভিনেতা আৰু প্ৰযোজক বিজয় এণ্টনীৰ মূৰত ৷ অভিনেতাগৰাকীৰ কন্যা মীৰাৰ ১৯ ছেপ্টেম্বৰত অৰ্থাৎ আজি পুৱা মৃত্যু হয় । জানিব পৰা মতে বিজয়ৰ ১৬ বছৰীয়া কন্যাই আত্মহত্যা কৰিছে । খবৰ অনুসৰি মীৰাক চেন্নাইৰ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিচতে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজয়ৰ কন্যা হতাশাত ভুগি আছিল আৰু ইয়াৰ চিকিৎসাও চলি আছিল ।
হতাশাত ভুগি আছিল বিজয় এণ্টনীৰ কন্যাই
সংবাদ মাধ্যমৰ খবৰ অনুসৰি পুৱা ৩ বজাত বিজয় এণ্টনীৰ কন্যা মীৰাক চেন্নাইৰ ঘৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । ১৬ বছৰীয়া কন্যা মীৰা চেন্নাইৰ এখন অভিজাত স্কুলত পঢ়ি আছিল । খবৰ অনুসৰি মীৰা ডিপ্ৰেছনত ভুগি আছিল । ডিপ্ৰেছনত ভুগি অৱশেষত এই চৰম সিদ্ধান্ত বাছি ল’লে মীৰাই ৷ ঘৰৰ সহায়কজনে মীৰাক তাইৰ কোঠাত ওলমি থকা অৱস্থাত পাইছিল । ইয়াৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । বৰ্তমান আৰক্ষীৰ এটা দল এই বিষয়টোৰ তদন্ত নিয়োজিত হৈ পৰিছে । অৱশ্যে এই খবৰ সন্দৰ্ভত বিজয় আৰু তেওঁৰ পৰিয়ালে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।
বিজয় এণ্টনী কোন ?