অসম

assam

ETV Bharat / entertainment

Vignesh Nayanthara Wedding Anniversary: প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে নয়নতৰা আৰু বিগনেশে, চাওক ৰোমান্টিক ছবিসমূহ - নয়নতৰাৰ প্ৰথম বিবাহ বাৰ্ষিকী

8 জুনত আছিল বিগনেশ নয়নতৰাৰ প্ৰথম বিবাহ বাৰ্ষিকী । এই বিশেষ দিনটোত বিগনেশে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যিটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে। চাওক দুয়োৰে ৰোমান্টিক ছবিসমূহ ৷

Vignesh Shivan's 1st wedding anniversary post screams family love, shares unseen pics of Nayanthara and twins
বিগনেশ নয়নতৰাৰ বিবাহ বাৰ্ষিকী

By

Published : Jun 9, 2023, 2:21 PM IST

চিটাৰা ডেস্ক, 9 জুন: 8 জুনত প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ নয়নতৰা আৰু বিগনেশ শিৱনে (Vignesh Nayanthara Wedding Anniversary)। এই বিশেষ ক্ষণত বিগনেশে নয়নতৰাৰ সৈতে কিছু ৰোমান্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ছবিবোৰত বিগনেশ আৰু নয়নতৰাক ৰোমান্টিক পোজত দিয়া দেখা যায় ৷ এই ৰোমান্টিক ছবিৰ জৰিয়তে বিগনেশে পত্নী নয়নতৰাৰ বাবে প্ৰথম বিবাহ বাৰ্ষিকীত প্ৰেমেৰে ভৰা এটা পোষ্ট লিখিছে, যিটো পোষ্ট ক্ৰমাৎ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷

পোষ্টৰ জৰিয়তে মনৰ কথা প্ৰকাশ কৰিলে বিগনেশে

বিগনেশে (Vignesh Shivan) নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নয়নতৰাৰ সৈতে ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে- ‘এনেকুৱা লাগিছে যোৱা কালিহে বিবাহপাশত আৱদ্ধ হৈছিলো ৷ তত্ত্ব মাথোঁ প্ৰেম। সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ লৈ আমি আমাৰ নতুন জীৱনটো আৰম্ভ কৰিলোঁ । এতিয়াও বহু বাট বাকী আছে । এতিয়া এনে বহু মুহূৰ্ত একেলগে উপভোগ কৰা হ’ব ৷’

এবছৰ এনেকৈয়ে পাৰ হৈ গ’ল

ইয়াৰ সমান্তৰালকৈ বিগনেশে ছ’চিয়েল মিডিয়াত নয়নতৰাৰ আৰু কিছু ফটো শ্বেয়াৰ কৰিছে । এই ছবিবোৰ শ্বেয়াৰ কৰি লিখিছে, ‘‘বহুত মুহূৰ্ত একেলগে কটালোঁ । লগতে বহু উত্থান-পতন দেখিলো । কিন্তু ঘৰলৈ উভতি আহিলে বহুত মৰম আৰু বহুত ইতিবাচক শক্তি অনুভৱ হয় ।’’

চেন্নাইত বিবাহ হৈছিল দুয়োৰে

২০২২ চনৰ ৮ জুনত বিবাহপাশত আবদ্ধ হয় নয়নতৰা আৰু বিগনেশ । সেই সময়ত বিয়াৰ ছবিসমূহ খুব চৰ্চিত হৈছিল । বিশেষ কথাটো হ’ল এই দুয়োগৰাকীয়ে বিয়াৰ পূৰ্বে প্ৰায় ৭ বছৰ ধৰি ইগৰাকীয়ে সিগৰাকীক ডেট কৰিছিল । কিন্তু তেতিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে যেতিয়া বিবাহৰ মাত্ৰ চাৰি মাহৰ পিচত পিতৃ-মাতৃ হয় দুয়ো । এই খবৰ বিয়পি পৰা লগে লগে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ কিন্তু তাৰ পিচত নয়নতৰাই তামিলনাডু স্বাস্থ্য বিভাগক শপতনামা দাখিল কৰে আৰু তেওঁ কয় যে তেওঁৰ ইতিমধ্যে ৬ বছৰ পূৰ্বে বিবাহ পঞ্জীয়ন হৈছে (Vignesh Nayanthara 1st wedding anniversary) ।

লগতে পঢ়ক:Ramayana: ৰণবীৰ-আলিয়া হ’ব ৰাম-সীতা, ৰাৱণৰ চৰিত্ৰত থাকিব কেজিএফৰ তাৰকা যশ, কেতিয়া আৰম্ভ হ’ব শ্বুটিং ?

ABOUT THE AUTHOR

...view details