অসম

assam

ETV Bharat / entertainment

প্ৰাকৃতিক পৰিৱেশত নগ্ন ৰূপত জন্মদিন উদযাপন বিদ্যুৎ জামৱালৰ - জন্মদিন উদযাপন বিদ্যুৎ জামৱালৰ

Happy Birthday Vidyut Jamwal: আজি অভিনেতা বিদ্যুৎ জামৱালৰ জন্মদিন ৷ বিদ্যুৎ জামৱালে কিছু সময় পূৰ্বে পাহাৰত জন্মদিন উদযাপন কৰা কিছুমান ফটো শ্বেয়াৰ কৰিছে । চাও আহক অভিনেতাগৰাকীৰ ফটোসমূহ ৷

Vidyut Jammwal claims to enjoy solitude in Himalayas on birthday; netizens ask 'who took pictures?'
নগ্ন অৱস্থাত জন্মদিন উদযাপন কৰিলে বিদ্যুৎ জামৱালে

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 3:16 PM IST

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: বিদ্যুৎ জামৱাল বলীউডৰ অন্যতম প্ৰতিভা সম্পন্ন অভিনেতা । অভিনয় প্ৰতিভাৰ উপৰিও শাৰীৰিক ফিটনেছ আৰু উৎকৃষ্ট যুদ্ধ কলাৰ দক্ষতাৰ বাবেও তেওঁ পৰিচিত । আজি ১০ ডিচেম্বৰত প্ৰতিভাৱান অভিনেতাগৰাকীয়ে ৪২ সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ এই জন্মদিনক অধিক বিশেষ কৰি তুলিবলৈ তেওঁ বিগত ১৪ বছৰ ধৰি কেনেকৈ জন্মদিন উদযাপন কৰি আহিছে সেই কথা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ সিদ্ধান্ত লয় ৷

কিন্তু, আমোদজনক কথাটো হ’ল অভিনেতাজনে জন্মদিন উদযাপন উপলক্ষে নিজৰ কিছুমান সম্পূৰ্ণ নগ্ন ফটো শ্বেয়াৰ কৰিছে ৷ এই ফটোসমূহ শ্বেয়াৰ কৰাৰ পিচতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে ।

দেওবাৰে অৰ্থাৎ আজি কিছুসময় পূৰ্বে বিদ্যুৎ জামৱালে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পাহাৰীয়া ঠাইৰ সৈতে তেওঁৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে । অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহত তেওঁক পাহাৰৰ অৰণ্যৰ মাজত যোগী অৱতাৰত নিসংগতা উপভোগ কৰা দেখা গৈছে । পোষ্টটোৰ লগতে প্ৰতিভাৱান অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, "হিমালয়ৰ পৰ্বতমালালৈ উভতি আহিছো​​– “ঈশ্বৰৰ বাসস্থান” ১৪ বছৰ আগতেই আৰম্ভ হৈছিল এই যাত্ৰা । মই উপলব্ধি কৰাৰ আগতেই প্ৰতি বছৰে ৭-১০ দিন নিজৰ সৈতে অকলে কটোৱা, ই মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল ।’’

অভিনেতাগৰাকীয়ে লিখিছে, “বিলাসীতা আৰু প্ৰশংসাৰ জীৱনৰ পৰা পাহাৰ পৰ্বতলৈ আহি মই মোৰ নিসংগতা বিচাৰি উলিওৱা আৰু ‘মই কোন নহয়’ জনাৰ গুৰুত্ব উপলব্ধি কৰি ভাল পাওঁ ৷ যিটো “মই কোন” জনাৰ প্ৰথম পদক্ষেপ ৷ প্ৰকৃতিয়ে প্ৰদান কৰা নিস্তব্ধ বিলাসীতাত নিজৰ বাবে সংগ্ৰাম কৰি ভাল লাগে, মই মোৰ আৰামৰ ঠাইৰ পৰা বাহিৰত আটাইতকৈ আৰামদায়ক জীৱন বিচাৰি পাওঁ ৷ মই নিজকে এটা চেটেলাইট ডিচ এন্টেনা হিচাপে কল্পনা কৰো—সুখ আৰু প্ৰেমৰ কম্পন গ্ৰহণ আৰু বিকিৰণ কৰা ।"

অভিনেতাগৰাকীয়ে আৰু লিখিছে, “এইখিনিতে মই নিজকে ঘেৰি ৰাখিব বিচৰা শক্তিৰ সৃষ্টি কৰো আৰু ঘৰলৈ উভতি আহিব বিচাৰো ৷ মোৰ জীৱনৰ এটা নতুন অধ্যায় অনুভৱ কৰিবলৈ সাজু হৈছো- সেয়া হৈছে পুনৰ জনম । মই শ্বেয়াৰ কৰিব বিচাৰো যে এই নিসংগতা মনটোৰ বাবে কল্পনাতীত, কিন্তু যদিহে আপুনি সচেতন, তেন্তে আপুনি এই অনুভৱ উপভোগ কৰিব পাৰিব । মই এতিয়া মোৰ পৰৱৰ্তী অধ্যায় - 'ক্ৰেক'ৰ বাবে সাজু আৰু উত্তেজিত, যিটো ২০২৪ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি পাব ।’’

পোষ্টটোক লৈ অনুৰাগীৰ প্ৰতিক্ৰিয়া

অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰা এই পোষ্টটোৱে অনুৰাগীক আচৰিত কৰি তুলিছে । এজন অনুৰাগীয়ে লিখিছে, “আপুনি লিখা কথাবোৰ অতি প্ৰেৰণাদায়ক । আকৌ এবাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ @mevidyutjammwal sir ৷" আন এজন অনুৰাগীয়ে মন্তব্য কৰি লিখিছে, "পাহাৰ পৰ্বতত বাস কৰাটোৱেই একমাত্ৰ বস্তু যিয়ে মানুহক তেওঁৰ উৎপত্তিৰ সৈতে সংযোগ কৰে ।"

লগতে পঢ়ক:ৰাঘৱ চাড্ডাৰ পদাংক অনুসৰণ কৰিব নেকি পৰিণীতিয়ে ? এই সন্দৰ্ভত কি ক’লে অভিনেত্ৰীগৰাকীয়ে . .

ABOUT THE AUTHOR

...view details